Breaking

শিক্ষক অমৃত ৰাজখোৱাৰ একক প্ৰচেষ্টাত পুথিভঁৰাল মুকলি

0 2,087

ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে শিক্ষক , কবি , গীতিকাৰ, সুৰকাৰ তথা চাবুৱা সমষ্টিৰ অন্তৰ্গত লাইপুলিৰ নিবাসী অমৃত ৰাজখোৱাই  একক প্ৰচেষ্টাৰে এটি পুথিভঁৰাল নিজা বাসভৱনত নিৰ্মাণ কৰি আজি মুকলি কৰা খবৰে সমগ্ৰ অঞ্চলটোতে এক আনন্দৰ জোৱাৰ আনিছে । অমৃত কুটিৰত আজি এক অনুষ্টুপীয়া পৰিৱেশৰ মাজত শিশু শিল্পী আইচেনা ৰাজখোৱাই পৰিৱেশন কৰা এটি গীতৰে শুভাৰম্ভ হোৱা পুথিভঁৰালটি কাপ্তানচুক গাঁৱৰ গাঁওবুঢ়া কুলাই বৰা আৰু বৰবুঢ়া অম্বেশ্বৰ গোহাঁইয়ে যুটীয়াভাৱে ফিটা কাটি উদ্বোধন কৰে। গ্ৰাম্যাঞ্চলৰ কণ কণ ল’ৰা ছোৱালীৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত গ্ৰন্থ অধ্যয়নৰ এটা সুস্থ বাতাবৰণ গঢ়ি তোলাৰ মানসেৰে ব্যক্তিজনে এনে এক মহৎ কাৰ্য কৰা বুলি সাংবাদিকয় আগত ব্যক্ত কৰিছে । প্ৰায় ২০ জন লোকে একেলগে পঢ়িব পৰা সুবিধা থকা উক্ত পুথিভঁৰালটোত অসমীয়া, বাংলা আৰু ইংৰাজী ভাষাৰ প্ৰায় ৫ হেজাৰৰ বিভিন্ন পৰ্যায়ৰ কিতাপ ৰখাৰ পৰিকল্পনা কৰা কথা শিক্ষক অমৃত ৰাজখোৱাই জনাইছে। আজি অনুষ্ঠানত মটক যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক উজ্জ্বল বৰুৱা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জল নেওগ উপস্থিত থাকে। সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে আজি অনুষ্ঠানটি আতঁ আৰু শলাগৰ শৰাই আগবঢ়ায় অমৃত ৰাজখোৱাই। 

Leave A Reply