Breaking

নিপুন অসমৰ প্ৰশিক্ষণস্থলীত ‘ই-নিপুন’ নামেৰে আলোচনী উন্মোচন

0 253

বৰপেটা জিলাৰ বৰপেটা শিক্ষাখণ্ডৰ দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিপুন অসম আৰু উপযুক্ত শিকণ শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ বাবে হৈ থকা ৪ দিনীয়া প্ৰশিক্ষণৰ শনিবাৰে সফল সমাপ্তি ঘটে।

শিক্ষক জয়ৰাজ দাসে পৰিচালনা কৰা সামৰণি অনুষ্ঠানত বিভিন্ন কাৰ্য্যসূচীৰ লগতে ’ই-নিপুন’ নামে এক ই-মেগাজিনো উন্মোচন কৰা হয়।

চাৰিদিনীয়া শিক্ষক প্ৰশিক্ষণটোৰ বৰপেটা শিক্ষাখণ্ডৰ ব্লক কো অৰডিনেটৰ তথা BRP চন্দন কুমাৰ দাসৰ পৰিকল্পনাত উন্মোচন হোৱা ই-নিপুন নামৰ হাতেলিখা আলোচনীখন উন্মোচন কৰে সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আঁচনি বিষয়া সীতাংগ ডেকাই।

ডেকাই উন্মোচনী ভাষণত প্ৰশিক্ষাৰ্থী শিক্ষক সকলৰ দ্বাৰা প্ৰস্তত কৰা আলোচনীখনৰ ভূয়সী প্ৰশংসা কৰে আৰু শিক্ষক প্ৰশিক্ষণ গোটৰ সকলো কামেই নিষ্ঠা আৰু সততাৰে পৰিচালিত কৰাৰ বাবে বৰপেটা শিক্ষাখণ্ডৰ BRP সকলক আৰু তেওঁলোকৰ তত্বাৱধানত থকা CRCC সকলক ভূয়সী প্ৰশংসা কৰে।

উল্লেখযোগ্য যে সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ দ্বাৰা দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপৰিও যোৱা ১৫ মাৰ্চ ২০২৩ ইং তাৰিখৰ পৰা বৰপেটা জিলাৰ সাতোটা শিক্ষাখণ্ডতে একেলগে ৬০৩১ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক ৪৭২ গৰাকী সমল ব্যক্তিৰ দ্বাৰা বিভিন্ন স্থানত প্ৰশিক্ষণ দি থকা হৈছিল আৰু আজি সকলো প্ৰশিক্ষণস্থলীতে প্ৰশিক্ষণ সফলভাৱে সমাপ্তি ঘটে।

দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী শিক্ষকসকলৰ মতে আজি সমাপ্ত হোৱা এই প্ৰশিক্ষণটোৰ আকৰ্ষণীয় দিশ হল সমল ব্যক্তি সকলৰ উপৰিও বৰপেটা শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাস, প্ৰসেনজিৎ শৰ্মা আৰু সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা আঁচনি বিষয়া কিশোৰ ৰাজবংশীৰ মনোগ্ৰাহী প্ৰশিক্ষণ তথা প্ৰশিক্ষণস্থলীৰ তত্বাৱধানৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নিয়তি পাঠক আৰু CRCC হৰ্ষজিৎ দাসৰ সুশৃংখল পৰিচালনা।

Leave A Reply