Breaking

লেখক-পাঠকৰ আড্ডাৰে মুখৰিত  নগাঁও গ্ৰন্থমেলাৰ বাকৰি; সমাজ হিতৈষী মহেশ্বৰ শৰ্মা বৰঠাকুৰ সোঁৱৰণি মুকলি কুইজ সম্পন্ন…

0 66

লেখক -পাঠকৰ আড্ডাৰে মুখৰিত হ’ল নগাঁও গ্ৰন্থমেলাৰ বাকৰি। নগাঁও গ্ৰন্থমেলা উপলক্ষে আজি নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হয় এক মত বিনিময়ৰ অনুষ্ঠান।

নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এচ’ছিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানটিয়ে গ্ৰন্থমেলাৰ বাকৰি জীপাল কৰি তোলে। সাংবাদিক জ্যোতিপ্ৰসাদ বৰাৰ সঞ্চালনাত অনুষ্ঠিত  ভাব-বিনিময়ৰ অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে সংবেদনশীল লেখিকা শৰ্মিষ্ঠা প্ৰীতমে।

দ্বিশতাধিক গ্ৰন্থপ্ৰেমী উপস্থিত থকা এই অনুষ্ঠানটিত কীৰ্তিকৃষ্টি বৰা,আতিকুৰ ৰহমান,পদুম বৰা,ড৹ কৰবী দেবী,ৰিমঝিম ৰীমা আদিয়ে গীত পৰিবেশন কৰাৰ বিপৰীতে গল্পকাৰ শিৱানন্দ কাকতি,দুলাল চন্দ্ৰ দাস,অধ্যাপক মোহিনী মোহন ডেকা,ড: মিলন নেওগ,দিলীপ কুমাৰ বৰা,সংগীতা বৰুৱা বৰা আদিয়ে তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে।

নগাঁও ইলেক্ট্ৰ’নিক মিডিয়াৰ এচ’ছিয়েশ্বনৰ সভাপতি বীৰেন বৰাৰ কৃতজ্ঞতাসূচক বক্তব্যৰে সামৰণি পৰা এই অনুষ্ঠানটিত শিক্ষক আনন্দ কুমাৰ নাথে লিমাৰিক কবিতা আৰু নাট্যকাৰ সপোনটি বৰদলৈয়ে নাটকৰ সংলাপো পৰিবেশন কৰি অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে ।

ইপিনে গ্ৰন্থমেলা স্থলীত বিয়লি কৃষ্টি প্ৰকাশন আৰু নগাঁও কুইজ ফ’ৰামৰ যুটীয়া উদ্যোগত আৰু সাংস্কৃতিক গোষ্ঠী কল্লোলৰ সহযোগত সমাজ হিতৈষী মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ সোঁৱৰণত সদৌ অসম ভিত্তিত মুকলি কুইজৰ এক মননশীল অনুষ্ঠান অনুষ্ঠিত হয়।

চন্দজিৎ দাসৰ পৰিচালনাত অনুষ্ঠিত মুকলি কুইজ অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁৱৰ ডেৰ কুৰিৰো অধিক লোকে কুইজত অংশ গ্ৰহণ কৰি অনুষ্ঠানতো জীপাল কৰি তোলে। সন্ধিয়া যজ্ঞ বেজবৰুৱা সোঁৱৰণি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Leave A Reply