Breaking

জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে গঞা ৰাইজক : ফুচকৰামুখত পকী দলং নিৰ্মাণৰ দাবী মন্ত্ৰী নৱ দলেক । অন্যথা অহা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ।

0 911

ঢকুৱাখনা : দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ টা বছৰ অতিক্ৰম কৰাৰ পিছততো ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ বাটচ’ৰা শিৱ মন্দিৰ তিনিআলিৰ পৰা মৰনৈ পমুৱা তিনিআলি সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ ফুচকৰামুখত ন’হল চামপৰা নদী আৰু বলাহী জানৰ ওপৰত এখনো দলং।খৰালি পানী শুকাই যোৱাত নদীৰ বুকুৰ বালিচৰেদি মৰনৈ,সোৱণশিৰি আৰু বিলমুখ তিনিখনৰ পঞ্চায়তক সংযোগ কৰা পথটোৰে অগনন লোক যাতায়ত কৰে যদিও বাৰিষা যাতায়ত বন্ধ হৈ পৰে।ফলত টুলুঙা নাৱেৰে বিপদসংকুলভাবে ৰাইজে যাতায়াত কৰিব লগীয়া হয়।কোনোবছৰ ৰাইজে,কোনো বছৰ পঞ্চায়তে,আৰু কোনো বছৰ স্থানীয় বিধায়কে অস্থায়ী বাঁহৰ দলং দিয়াৰ ব্যৱস্থা কৰে যদিও বাৰিষাতে আকৌ মেৰামতি কৰিব লগা হয় বাঁহৰ দলং।কিয়নো এই পথটোত যাতায়তৰ বাবে ভিৰ বেছি হয় ৩ খন পঞ্চায়তক সংযোগ ঘটোৱা চমু পথ হোৱা হেতুকে।কেতিয়াবা এই বাঁহৰ দলং ভাগি বাইচাইকেল,মটৰ চাইকেলসহ বহু পথচাৰী পানীত পৰাৰো উদাহৰণ আছে।উল্লেখ্য যে ফুচকৰামুখ-কৰঙা সংযোগী চামপৰা নৈৰ ওপৰত আৰু নাগপুৰ আৰু কৰঙা সংযোগী পথৰ বলাহী জানৰ ওপৰত থকা দুইখন বাঁহৰ জৰাজীৰ্ণ দলঙেই যাতায়তৰ বাবে অতি গুৰুত্বপূৰ্ণ।কিন্তু পূৰ্বৰ ঢকুৱাখনাৰ বিধায়ক ভৰত নৰহৰ কাৰ্যাকলত এই দুখন দলং নিৰ্মাণৰ নামত নিম্ন মানৰ কামেৰে পূঁজিৰ লুণ্ঠন চলাত।দুখনকৈ পকী দলং চামপৰাৰ বাননতে খহি পৰিল। তাৰ পিছৰ পৰা আৰু আজিকোপতি নিৰ্মাণ নহ’ল পুনৰ দলং দুখন।ফলত বছৰ বছৰ ধৰি এতিয়াও দুৰ্ভোগ ভোগিব লগীয়া হৈছে ফুচকৰামুখতে থকা দুখনকৈ বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ লগতে ওচৰৰ কেইবাখনো গাঁৱৰ বিভিন্ন ৰোগী আৰু সাধাৰণ ৰাইজে। শাসনাধিষ্ঠ বিজেপি চৰকাৰেও যোৱা ৪ টা বছৰে গ্ৰহণ নকৰিলে দুয়োখন দলং নিৰ্মাণৰ আঁচনি।স্থানীয় ৰাইজে সাংসদ তথা বিধায়কক দলং দুখন নিৰ্মাণৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও আজিলৈকে কোনো কামত অহা নাই।সেয়েহে অহা ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনৰ আগতেই দলংদুখন নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেক পুনৰবাৰ দাবী জনাইছে স্থানীয় ৰাইজে। অন্যথা নাগপুৰ,ফচকৰামুখৰ ৰাইজে নিৰ্বাচনত ভোট বৰ্জনোৰো হুংকাৰ দিছে।

Leave A Reply