Breaking

ৰাজ্যত হুৰাহুৰে বাঢ়িছে ক’ৰোনা ৰোগী : বহিঃৰাজ্যৰ পৰা অহা গোলাঘাটৰ ১৮ গৰাকীৰ দেহত ক’ৰোনা

0 95

গোলাঘাট

হুৰাহুৰে বৃদ্ধি পাইছে ৰাজ্যত  ক’ৰোনা ৰোগীৰ সংখ্যা৷ ক’ৰোনাতংকৰ মাজতে সোমবাৰে পুৱা ভাগতে আহিল গোলাঘাটৰ বাবে দুখবৰ৷ জিলাখনত বহিঃৰাজ্যৰ পৰা অহা ১৮ গৰাকী লোকৰ দেহত ক’ৰোনা পজিটিভ পোৱা গৈছে৷ ইয়াৰে ৫ গৰাকী মহিলা৷ তথ্য অনুসৰি ক’ৰোনা ভাইৰাছ ধৰা পৰা লোকসকল হ’ল ক্ৰমে (পুৰুষ)ঃ দেৱজিৎ চুতীয়া (২০), মেৰাপানী, বিশাল বিশ্বকৰ্মা (২৫) শিশুপানী, লোকেশ্বৰ দাস (২২) নলনীপথাৰ, বিশ্বজিৎ কৰ্মকাৰ (২৩) মেৰাপানী, বিতু দলে (২২)মেৰাপানী, সঞ্জয় সোণাৰী (২৪) মেৰাপানী, বিতুপন সোণোৱাল (২৪) মেৰাপানী, হৰিপ্ৰসাদ বৰুৱা, (৩১) মেৰাপানী, দউকন চুতীয়া (২৪) কাছমাৰী, ফজল পেগু (২৩) গমাৰী, যদুমনি বৰুৱা(২৭) কাছমাৰী, দীপক গগৈ (৩৩) মেৰাপানী, বুদ্ধেশ্বৰ ৰবিদাস (৩১) মেৰাপানী আৰু  মহিলাসকল ক্ৰমেঃ বন্তি সোণোৱাল (৪২) মেৰাপানী, লক্ষী দাস, (৩৫) নলনীপথাৰ,  নিতুমনি দাস (১৯) নলনীপথাৰ, পৰী চুতীয়া (২৩) মেৰাপানী, মানসী বৰা(২১) মধুপুৰ৷ আক্ৰান্ত আটাইকেইগৰাকী গোলাঘাট জিলা প্ৰশাসনে সাজু কৰি ৰখা কুৱাৰেণ্টাইন কক্ষ মহেশ্বৰী ভৱনত ৰখা হৈছিল৷ বিয়লিলৈ এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

Leave A Reply