Breaking

ওৰাঙত অতি উদ্বেগজনক ভাবে বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ সংখ্যা ৩২২ ,মৃত্যু-৫

0 2,020

সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ  ওৰাং,মাজবাট,ৰৌতা আদি এলেকা,অঞ্চল সমুহত কভিড ১৯  মহামাৰী উদ্বেগজনক ভাবে  তীব্ৰ গতিত বৃদ্ধি পাব ধৰিছে । জিলা খনৰ  ৭০নং মাজবাট বিধান সভা সমষ্টিৰ অন্তৰ্গত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্ত্ৰত যোৱা ২০এপ্ৰিলৰ পৰা  ১৮মে লৈকে প্ৰায়  ৩ হেজাৰ গৰাকী ব্যক্তিক ক’ভিড ১৬৫৬ গৰাকী ক ৰেপিড টেষ্ট কৰা হৈছিল । এই টেষ্টত ৩২২ গৰাকী লোকৰ শৰীৰত কভিড ১৯ ৰ পজিটিভ ধৰা পৰে । 

এই সময় চোৱাত স্বাস্থ্য বিভাগে ২৫৯  গৰাকীক হোম আইশ্যলেশ্যন , ১৭৫  গৰাকীক একটিভ হোম আইশ্যলেশ্যন আৰু ৬৩ গৰাকীক ক’ভিড বাকী অন্যন্য চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে । 
ইতিমধ্যে মাজবাটৰ চুলেমান আলী, কৰ্ন প্ৰসাদ উপাধ্যায়,ৰৌতাৰ মূদুল হক চৌধুৰী,বিবিকা বসুমতাৰী,বাবু লাল আগৰৱালাৰ কভিড ১৯ ত আক্ৰান্ত   ৫গৰাকী লোকৰ মৃত্যু হৈছে ৷মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত আশা গাওঁ ২৮০খন তথা ২৫০ খন ৰাজহ গাঁওৰ দুই লাখ ষাঠি হাজাৰ জনসংখ্যা সামৰি লোৱা ওৰাং খণ্ড প্ৰাথমিক  স্বাস্থ্য কেন্দ্ৰৰ অধীনত আছে তিনিটাকৈ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,এটাকৈ ৰাজ্যিক চিকিৎসালয়,নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,দুটা আৰ্দশ চিকিৎসালয়  ক্ৰমে , মাজবাট ,ৰৌতা, গেৰুৱা প্ৰথমিক  স্বাস্থ্য কেন্দ্ৰ ,পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়,ধনশ্ৰীঘাট নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৰৌতা আৰু মাজবাটৰ মহলীয়াপাৰা আৰ্দশ চিকিৎসালয় ৷ এই বৃহৎ এলেকা সামৰি গঠন স্বাস্থ্যটোত ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ কভিড ১৯  যোদ্ধা সকলৰ হাতত নাই এতিয়াও  কোনোধৰণৰ হেণ্ড চেনিটাইজাৰ , এন95 মাস্ক, ত্ৰিপোল লেয়াৰ মাস্ক,কেপ,পিপি কিট,ফেচ শ্লাইড  গ্লোভছ, ,ভেকচিন আদি অত্যাৱশীয় সামগ্ৰীবোৰ। ফলত ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্য কৰ্মী সকলেও এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে । কভিড যুজাৰু একাংশ স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ লক্ষণ কুমাৰ বড়ো,ডাঃ ৰাজু ব্ৰহ্ম,ডাঃ হেমন্ত চৌধুৰী,ডাঃ হিৰণ্য গয়াৰী,ডাঃ চন্দন কুমাৰ সাহা,ডাঃৰাকেশ ডেকা,ডাঃ নিৰুপমা বৰুৱা,ডাঃ সৌৰব বৰ্মন,ডাঃ খগেন নাথ,ডাঃ দীপাঞ্জলী বৰা,ডাঃ নবনীতা হাজৰিকা,সামুহিক স্বাস্থ্য বিষয়া -আশা কুৰ্মী,মিনা বসুমতাৰী,প্ৰফুল্ল পাটৰ,পাৰ্থজিৎ ৰয়,জিৰোছা বাগলাৰী জিম্পী শইকীয়া দেবৰাজ হাজং ,বিপিএম পংকজ সভাপণ্ডিত ,ৰৌতাৰ এবিপিএম সুৰজিত চহৰীয়া স্বাস্থ্য কৰ্মী তথা কভিড যোদ্ধা বিপ্লব জ্যোতি ডেকা,গজেন বড়ো,দীনেশ গৌতম,কাষ্টিল দৈমাৰী,সঞ্জীত কুমাৰ দাস ,মনোজ কুমাৰ দাস ,শিবু বসুমতাৰী,ডেভিদ দৈমাৰী,নীতা দেবী,,অতুল শইকীয়া,জয়া ৰামছিয়াৰী,মালবিকা বৰা,ৰিংকু দৈমাৰী,তৈয়বুৰ ৰহমান,আবু বক্কৰ চিদ্দিক ,ইনামুল হক জাভেদ ,মেৰিনা বৰা,হিমাংক কলিতা ,ৰিছা দৈমাৰী, বীৰেন্দ্ৰ হাজং,গোপী এ চাংমাআশা চুপাৰভাইজাৰ অৰ্চনা ডেকা,ৰঞ্জনা দাস ৰাভা,, মৰণক শৰণ দি দিনে নিশাই কৰ্তব্য সম্পাদনা কৰি থকা দেখিবলৈ পোৱা গৈছে ৷আনহাতে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত  জীৱন দাইনী ঔষধ ক্ৰমে ভিটামিন চি টেবলেট , জিংক 500 এম জি টেবলেট , ইজথ্ৰ’মাইচিন 500 টেবলেট , ডস্কিচাইক্লিন  100 এম জি  আদি এন্টিবায়টিক ঔষধ সমুহ  পাবলৈ  নাই  তথা নোহোৱা হৈছে ফলত এই ঘোৰ কৰুণা  কালৰ সময়ত স্বাস্থ্য কেন্দ্ৰটোত এক মহা সংকটে দেখা দি আহিছে । যদিও সংশ্লিষ্ট বিভাগ কতৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৷ফলস্বৰূপে দ্ৰৰিদ্ৰ কভিড ৰোগী সকলে ঔষধ ক্ৰয় কৰিব নোৱাৰি ঔষধ অবিহনে হোম আইশ্যলেশ্যন হৈ আহিছে ৷এই ক্ষেত্ৰত চৰকাৰে অতি সোনকালে পৰ্য্যাপ্ত পৰিমানে ঔষধ,এন্টিবায়টিক ,সা সামগ্ৰী ,সজুঁলিসমূহ  প্ৰদান কৰিবলৈ চৰকাৰ ,সংশ্লিষ্ট বিভাগ,কতৃপক্ষ সমুহক ওদালগুৰি জিলা সচেতন নাগৰিকসমিতিয়ে দাবী জনাইছে ৷

Leave A Reply