Breaking

৮ বছৰত ৰাজ্যত নাৰীজনিত অপৰাধৰ সংখ্যা ২ লাখ ৯৮ হাজাৰ। গুৱাহাটীত ৮ মাহত সংঘটিত অপৰাধজনিত ঘটনা ২,৬৭৭ টা…

0 52

নিৰাপত্তাহীনতাত ৰাজ্যৰ মহিলা যুৱতী। আজিৰে পৰা আৰম্ভ হোৱা শৰৎকালীন বিধানসভাৰ অধিবেশনত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদনক জনায় যে ২০১৬ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ ৩০ আগষ্ট পৰ্যন্ত ৰাজ্যত ১৩,২১০ টা ধৰ্ষণৰ ঘটনা সংঘটিত হয়। একেদৰে ১,৭৩,২১০ টা নাৰীজনিত ঘটনা, নাৰীজনিত অপহৰণ ৪০,১০৮ টা, যৌতুকৰ ঘটনা৭২,১৪৮ টা, আৰু ৭৬ টা ডাইনীৰ ঘটনা সংঘটিত মুঠ ২লাখ ৯৮হাজাৰ ৮৫৩ টা ঘটনা সংঘটিত হয়। আনহাতে চলিত বৰ্ষৰ ৮ মাহত ৰাজ্যখনত ধৰ্ষণৰ ঘটনা সংঘটিত হয় ৬৩৯ টা, নাৰীজনিত অপৰাধৰ ঘটনা ৪,০৯৮ টা, নাৰীজনিত অপহৰণৰ ঘটনা ১,৪৫১ টা, যৌতুকৰ ঘটনা ৯০৪ টা আৰু ডাইনীৰ ঘটনা ২ টা সংঘটিত হয়।

ডঃ শৰ্মাই দাঙি ধৰা তথ্যমতে ৰাজ্যখনত চলিত বৰ্ষৰ ৮ মাহত হত্যাৰ ঘটনা সংঘটিত হয় ৬৪৩ টা, চুৰি ঘটনা ৬,৩৯৯টা, ডকাইতি ৪২ টা, লুন্ঠন ৪১৩ টা, আত্মহত্যা ১,৬৬৩ টা, যৌতুকৰ ৯০৪ টা, পৰপ্ৰেম জনিত ঘটনা ৮৪ টা আৰু ডাইনীৰ ঘটনা ২ টা সংঘটিত হয়। একেদৰে ৰাজধানী চহৰ গুৱাহাটীত চলিত বৰ্ষৰ ৩০ আগষ্টলৈ ৩০ টা ধৰ্ষণৰ ঘটনা, নাৰীজনিত অপৰাধ ৩৯০ টা, নাৰীজনিত হত্যা ১৭ টা, যৌতুকৰ ঘটনা ১ টা আৰু পৰপ্ৰেমজনিত ঘটনা ৪ টা মুঠ ৪৪২ টা ঘটনা সংঘটিত হয়। আনহাতে চুৰিৰ ঘটনা ১,৮৪৫ টা, ডকাইতি ৩ টা, লুন্ঠন ১৫৭ টা, আত্মহত্যা ২৩০ টা, যৌতুকৰ ঘটনা ১টা, সংঘটিত হয়। অৰ্থাত গুৱাহাটী মহানগৰীৰ ৮ মাহত সংঘটিত অপৰাধজনিত ঘটনাৰ সংখ্যা ২,৬৭৭ টা।

Leave A Reply