Breaking

“ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা অসমত টেৰ’ৰিজমৰ পৰিৱৰ্তে ট্যুৰিজিম আৰম্ভ হৈছে”- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

0 54

“ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা, অসমত টেৰ’ৰিজমৰ পৰিৱৰ্তে ট্যুৰিজিম আৰম্ভ হৈছে” শুক্ৰবাৰে বৰপেটা জিলা দিৱস উপলক্ষে গীনিজ বিশ্ব ৰেকৰ্ডৰ বাবে বিহু নৃত্যত ভাগ লোৱা কলা-কুশলীসকলক প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠানত অংশ লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্য৷

ৰাজ্যখনত ঘৰুৱা পৰ্যটকৰ সংখ্যা ৫৭৫ শতাংশ বৃদ্ধি পাইছে, ইয়াৰ বিপৰীতে ৰাজ্যখনলৈ বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যা বৃদ্ধি পাইছে ৭৬৩ শতাংশ; সম্প্ৰতি অসমক জনাৰ আগ্ৰহ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৰাজ্যখনত শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ বাবেই অসমলৈ পৰ্যটকৰ আগমন বৃদ্ধি পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

ইপিনে অসমে যোৱা বৰ্ষৰ তুলনাত এই বছৰ তেলৰ ৰয়েল্টি এক হাজাৰ কোটি টকা বেছি পাইছে আৰু শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত বিগত এবছৰত আন্দোলনৰ নামত বন্ধ, ধৰ্ণা, প্ৰতিবাদ আদি কাৰ্যসূচী ৰূপায়ন নোহোৱাৰ বাবেই তেলৰ ৰয়েল্টি বৃদ্ধি পাইছে বুলিও মন্তব্য আগবঢ়াই মন্ত্ৰী বৰুৱাই৷

আন্দোলনকাৰীসকলক উদ্দেশ্যি মন্ত্ৰী বৰুৱাই কয়, ’অৱশ্যে অসমৰ একাংশ সংগঠনে এই পৰিৱেশটো ভাল পোৱা নাই ৷ তেওঁলোকে আন্দোলনৰ দোকানখন খুলি ৰাখিব বিচাৰিছে৷ অসমৰ ৰাইজে এই পৰিৱেশটো বিচাৰিছে আৰু যাৰ কাৰণে আন্দোলনৰ পৰিৱেশ বিচৰাসকলে অসমত টিকিব নোৱাৰে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চতুৰ্দিশত উন্নয়ন হৈছে ৷ আমাৰ চৰকাৰে সভ্যতা সংস্কৃতি বা সনাতনী সভ্যতা সংস্কৃতি বিৰজিত অঞ্চল সমুহ আগবঢ়াই নিয়াৰ চেষ্টা চলাইছে’৷

মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈয়ো মন্তব্য কৰে৷ তেওঁ কয়, ’নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা খচৰাই অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা প্ৰদান কৰিব ৷ প্ৰতিজন অসমীয়াই হৃদয়েৰে অভিনন্দন জনাব লাগে ৷ যিসকলে ইয়াৰ বিৰোধিতা কৰিছে তেওলোকে খিলঞ্জীয়াৰ সুৰক্ষা নিবিচাৰে ৷ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা আৰু অস্তিত্ব ৰক্ষাৰ বাবেনিৰ্বাচন আয়োগে সঠিক সিদ্ধান্ত লৈছে’৷

কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰী বৰুৱাই কয়, ’কগ্ৰেছে অসমৰ মুল শিপাৰ মানুহবোৰৰ সুৰক্ষা নিবিচাৰে ৷ তেওলোকে শৰ্মা, দাস, বৰুৱা, কলিতা আদিৰ সুৰক্ষা নিবিচাৰে ৷ তেওলোকৰ ভোট বেংক বেলেগ’৷

ৰাহুল গান্ধীৰ মনিপুৰ ভ্ৰমণক লৈ ভূপেন বৰাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া মন্ত্ৰী জয়ন্তমল্ল বৰুবাৰ ৷ তেওঁ কয়, ’ৰাহুল গান্ধী ভাৰত বৰ্ষৰ আটাইতকৈ ব্যৰ্থ পলিচীছিয়ান হিচাপে প্ৰতিপন্ন হৈছে ৷ যিমানেই তেওক প্ৰতিষ্ঠা কৰিব বিচাৰে বাৰে বৈৰে তেও সিমানেই ব্যৰ্থ পলিটিচীয়ানত পৰিণত হয় ৷ আৰু নো তেওক কিমান লাজ দিব বুলিও প্ৰশ্ন’৷

ইপিনে শুক্ৰবাৰে বৰপেটা জিলা দিৱসৰ কাৰ্যসূচীতে গীনিছ বিশ্ব ৰেকৰ্ডৰ বিহু নৃত্যত অংশ লোৱা বৰপেটা জিলাৰ শিল্পীসকলক প্ৰমাণপত্ৰ প্ৰদানৰ লগতে মাননিও প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

-নিখিল দাস, বৰপেটা

Leave A Reply