Breaking

বন্ধ হ’ব অ’ এন জি চিৰ সামাজিক দায়বদ্ধতা উন্নয়ন আঁচনি : ৰাজ্য চৰকাৰক বঞ্চিত কৰি কেন্দ্ৰীয় চৰকাৰৰ সাহায্য পুঁজিলৈ নিয়াৰ সিদ্ধান্ত মোডী চৰকাৰৰ

0 100

নাজিৰা

সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষত এতিয়া ক’ৰোনা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ সময়ত নৰেন্দ্ৰ মোডী চৰকাৰে ৰাজহুৱা খণ্ডৰ বৃহৎ উদ্যোগীক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এন জি চি)ৰ চি এছ আৰ অৰ্থাৎ সামাজিক দায়বদ্ধতা আঁচনিখন চিৰদিনৰ বাবে বন্ধ কৰি এই আঁচনিৰ পুঁজি পি এম কেয়াৰ্ছ ফাণ্ড অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁঁজিলৈ সংগৃহীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ক’ৰ্পৰেট মন্ত্ৰ্যালয়ৰ দ্বাৰা জাৰি কৰা জাননীত এই কথা স্পষ্টভাৱে প্ৰকাশ পাইছে যে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁঁজি অথবা ৰাজ্যিক সাহায্য পুঁজি আদিলৈ বন্ধ হ’ব ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ উদ্যোগীক প্ৰতিষ্ঠানসমূহৰ পৰা সম্পাদন হ’বলগীয়া সামাজিক দায়বদ্ধতা উন্নয়ন আঁঁচনিৰ বিপৰীতে পুঁজিৰ আৱণ্টন। উল্লেখযোগ্য যে কেন্দ্ৰীয় ক’ৰ্পৰেট মন্ত্ৰ্যালয়ৰ পৰা প্ৰকাশিত ফাইন নং চি এছ আৰ ১-৪-২০২০ চি এছ আৰ এম চি এ আৰু জাননী নং ১৫-২০২০ৰ মতে প্ৰকাশ পোৱা সিদ্ধান্ত মৰ্মে ক’ৰ্পৰেটসমূহে ক’ৰোনা প্ৰতিৰোধী যুঁজৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁঁজিলৈ অথবা ৰাজ্যিক সাহায্য পুঁঁজিলৈ আগবঢ়াই অহা আৰ্থিক বৰঙণি ক’ৰ্পৰেটসমূহৰ সামাজিক দায়বদ্ধতা শিতানৰ পুঁজি হিচাপে গণ্য কৰা নহ’ব। ইয়াৰ পৰীৱৰ্তে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ মুকলি কৰা পি এম কেয়াৰ্ছ ফাণ্ডতহে এই পুঁজি জমা হ’ব আৰু এই পুঁজিকহে কেন্দ্ৰীয় চৰকাৰে চি এছ আৰ হিচাপে গণ্য কৰিব৷ জাননীখনৰ পৰা এইটো কথা স্পষ্ট হৈ পৰিছে যে ক’ৰোনাৰ গইনা লৈ কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘম্যাদী কালৰ বাবে ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানৰ পৰা সামাজিক দায়বদ্ধতা উন্নয়ন আঁচনিৰ সমুদায় পুঁজি পি এম কেয়াৰ্ছ ফাণ্ডলৈ সংগৃহীত কৰিব আৰু ৰাজ্য চৰকাৰে এই আঁচনিৰ পৰা বঞ্চিত হ’ব৷ ইতিমধ্যে প্ৰকাশ পাইছে আৰু অভিযোগ উত্থাপিত হৈছে যে পি এম কেয়াৰ্ছ ফাণ্ডত সংগৃহীত হ’বলগীয়া এই পুঁঁজিৰ কোনো নীতি-নিয়মৰ বিধিগত সিদ্ধান্ত প্ৰৱৰ্তিত হোৱা নাই আৰু এই পুঁজি কেগৰ হিচাপ পৰীক্ষাৰ আওতাৰ বাহিৰত থাকিব৷ উল্লেখযোগ্য যে অসমৰ ৰাজহুৱা খণ্ডৰ বৃহৎ প্ৰতিষ্ঠান হ’ল অ’এন জি চি। ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান হিচাপে অ’এন জি চিৰ স্থানীয়ভাৱে আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত দায়বদ্ধতা আছে আৰু মুখ্যমন্ত্ৰী সাহায্য পুজি অথবা ৰাজ্যিক দূৰ্যোগ পুজিলৈ সাহায্য হিচাপে চি এছ আৰ শিতানত প্ৰতি সময়তে বৃহৎ পৰিমাণৰ পুঁজি যোগান ধৰি আহিছে। কিন্তু এতিয়াৰ পৰা চি এছ আৰ শিতানত এই পুঁজি স্থানীয়ভাৱে সামাজিক উন্নয়নত ব্যৱহাৰ আৰু মুখ্যমন্ত্ৰীৰ পুঁজিৰ লগতে আন আন আঁচনিত ব্যয় কৰিব পৰাকৈ সাহায্য আগবঢ়োৱাত অ’এনজিচিৰ পথ বন্ধ হ’ল। লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ চি এছ আৰ পুঁজি আগবঢ়োৰ পথ বন্ধ হ’ল অ’এনজিচিৰ। এই খবৰ সদৰী হোৱাৰ লগে লগে জাঙুৰ খাই উঠিছে বিভিন্ন জাতী-জনগোষ্ঠীয় সামজিক সংগঠন। গৰিষ্ঠ সংখ্যক সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্ত হঠকাৰী বুলি অভিহিত কৰি এনে সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰণডংকা সূচনা কৰি গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সঁকীয়াই দিছে বিভিন্ন জাতীয়-জনগোষ্ঠীয় সামাজিক সংগঠনে৷Attachments area

Leave A Reply