Breaking

শিৱসাগৰৰ আমগুৰিৰ বৰাহীবাৰী গাঁ‌ও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ। অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি, ক্ষুব্ধ ৰাইজ আৰু দল সংগঠনৰ প্ৰতিবাদ…

0 53

ৰাজ্য চৰকাৰে দৰিদ্ৰ ৰাইজৰ বাবে বিভিন্ন অভিলাষি আঁ‌চনি ৰূপায়ণ কৰি আহিছে । ঠিক সেই সময়তে শিৱসাগৰৰ আমগুৰি বৰাহীবাৰী গাঁ‌ও পঞ্চায়তত অৰুণোদয়, প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত অনিয়ম সংঘটিত হোৱাৰ অভিযুগ তুলিছে স্থানীয় ৰাইজে । ক্ষুব্ধ ৰাইজ আৰু দল সংগঠনে আজি বৰাহীবাৰী গাঁ‌ও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

বহু যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি অযোগ্য হিতাধিকাৰীক বিভিন্ন আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযুগ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ । ৰাইজে পঞ্চায়তৰ সচিবক জবাবদিহি কৰি তুলে । অৰুণোদয় আঁচনিৰ প্ৰদানৰ নামত পঞ্চায়তত ৱাৰ্ড সদস্যাই ধন সংগ্ৰহ কৰাৰো অভিযুগ উত্থাপন হৈছে । দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এই ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে হ’ব লক্ষ্যণীয় ।

Leave A Reply