Breaking

অসমৰ ক্ষুদ্ৰ কৃষকৰ দূৰাৱস্থা আৰু চৰকাৰৰ কৰণীয়

0 1,528

গুনোজীৎ দাস

অসম এখন কৃষি প্ৰধান ৰাজ্য। প্ৰাকৃতিক অনুকুল পৰিৱেশত বাৰিষা-খৰালি বিভিন্ন ধৰণৰ খেতি কৰা দেখিবলৈ পোৱা যায়। মুলতঃ ধান খেতি , বিভিন্ন শাক-পাচলিৰ খেতি আদিয়ে প্ৰধান। ইয়াৰ উপৰিও পশুপালন, মীন পালন আদিয়ে ৰাজ্যৰ অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা দেখা যায়। অৰ্থাত দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ দিশত খেতিয়কসকলে মুখ্য ভুমিকা পালন কৰি আহিছে। এনেবোৰ কাৰণতে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে দেশৰ জৰুৰীকালীন অৱস্থাত অসমৰ খেতিয়ক সকলোক ভূয়সী প্ৰসংশা কৰিছে । কিন্তু বৰ্তমান সময়ত অসমৰ খেতিয়কসকল বিভিন্ন দিশত সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় । বিশেষকৈ মুলধনৰ অভাৱ, বজাৰৰ অভাৱৰ ফলত খেতিয়সকল লোকচানৰ সন্মুখীন হৈ অহা দেখা যায় । উন্নত মানদণ্ডৰ বীজৰ অভাৱত তেওঁলোকৰ উৎপাদন বহু পৰিমাণে কমি অহা দেখা যায় । আনহাতে অৰ্থৰ অভাৱত তেওঁলোকে বিভিন্ন চৰকাৰী- বেচৰকাৰী বেংক, অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা টকা সূত ল’ব লগা অৱস্থা হয়। ইয়াৰ উপৰিও এডৰা মাটিতে পুৰণিকলীয়া কৃষি পদ্ধতিৰে বছৰ-বছৰ ধৰি খেতি কৰাৰ ফলত ক্ৰমান্বয়ে উৎপাদন হ্ৰাস হৈ অহা দেখা যায় । প্ৰাকৃতিক কাৰণবশতঃ তেওঁলোকৰ খেতি সমুহ নষ্ট হোৱা দেখিবলৈ পোৱা যায়। প্ৰতিবছৰে হোৱা বানপানীৰ ফলত খেতিয়ক সকল সমস্যাৰ সন্মুখীন হৈ আহিছে । মুঠৰ ওপৰত কবলৈ গ’লে খেতি চপোৱাৰ সময়লৈকে খেতিয়কসকলে এশ এবুৰি সমস্যাৰ সতে যুজ দিব লগা হয় । সাম্প্ৰতিক সময়ত ক’ৰ’ণা মহামাৰীৰ কাৰণে অসমৰ ক্ষুদ্ৰ খেতিয়ক সকলোৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা দেখা গৈছে। বিশেষকৈ বিঘাক-বিঘায়ে খাদ্য সামগ্ৰী উপযুক্ত বজাৰৰ অভাৱত নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে। সাধাৰণতে এই ক্ষুদ্ৰ খেতিয়কসকলৰ বছৰযোৰা উপাৰ্জন নিৰ্ভৰ কৰে এই ৰবি শস্যৰ ওপৰত। তেওঁলোকে মূলধনৰ কাৰণে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা টকা সুতত লোৱা দেখা যায় ।এনে অৱস্থাত তেওঁলোকৰ উৎপাদিত খাদ্য সামগ্ৰী সমুহ উপযুক্ত বজাৰ নাপালে খেতিয়কসকল যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত চৰকাৰ এখনৰ ভুমিকা গুৰুত্বপূৰ্ণ হোৱাটো প্ৰয়োজন। বিশেষকৈ যোগান মন্ত্ৰালয় এই দিশত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন । এই ক্ষুদ্ৰ খেতিয়ক সকলোৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে এখন বজাৰৰ ব্যৱস্থা কৰিব পাৰিলে ৰাজ্য অৰ্থনৈতিক ভেটি টনকিয়াল হোৱাৰ লগতে খেতিয়ক সকলোৰ সমস্যা সমুহ সমাধান হ’ব । ইয়াৰ লগতে কৃষি কাৰ্যৰ লগত জড়িত নাগৰিক সকল উৎসাহিত হোৱাৰ লগতে জৰুৰীকালীন সময়ত সকলো শ্ৰেণীৰ নাগৰিকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ সম্ভৱপৰ হৈ উঠিব ।এই ক্ষেত্ৰত চৰকাৰখনক সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো শ্ৰেণীৰ নাগৰিকে আহ্বান জনাইছে। 
Leave A Reply