Breaking

মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ জনতাক……….

0 187

মূল্যবৃদ্ধি এতিয়া এক ডাঙৰ চিন্তা। সাধাৰণ লোকৰ বাবে জীৱন নিৰ্বাহ কৰাতো এতিয়া ডাঙৰ সমস্যা। ব্যৱসায়ীয়ে ইচ্ছা অনুসৰি মূল্যবৃদ্ধি কৰা বুলি অভিযোগ তোলে গ্ৰাহকে। অভয়াপুৰী দৈনিক বজাৰত শাক-পাচলিৰ মূল্য শুনিলে আপুনি আচৰিত হ’ব। উপায়বিহীন হৈ ব্যৱসায়ীয়ে কোৱা দামতে বয়-বস্তু কিনিব লগা হৈছে গ্ৰাহকে।

পাচলিসমূহৰ মূল্য আছিল এনেধৰণৰ-

বিলাহী প্ৰতি কেজিতঃ ৬০ টকা।

কেৰেলা প্ৰতি কেজিতঃ ৮০ টকা।

বেঙেনা প্ৰতি কেজিতঃ ৮০ টকা।

ভেন্দি প্ৰতি কেজিতঃ ৮০ টকা।

ৰঙালাও প্ৰতি কেজিতঃ ৫০ টকা।

বীন প্ৰতি কেজিতঃ ১২০টকা।

আলু প্ৰতি কেজিতঃ ২৪-২৮ টকা।

পিয়াজ প্ৰতি কেজিতঃ ২৫ টকা।

অবিশ্বাস্যৰভাৱে এতিয়া শাক-পাচলিৰ মূল্য বৃদ্ধি পাইছে। সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে শাক-পাচলি ক্ৰয় কৰি খোৱাতো সপোন হৈ পৰিছে।ইফালে পাচলিৰ এই অভাৱনীয় দামৰ বাবে অভয়াপুৰী পাচলিৰ বজাৰত সেৰেঙা গ্ৰাহকৰ ভিৰ । ব্যৱসায়ীৰ মন্তব্য বানপানীৰ ফলত পাচলিৰ দাম বঢ়াৰ বাবেই সেৰেঙা হৈ গ্ৰাহকৰ উপস্থিতি । পিছে ব্যৱসায়ীৰ এই ময়মতালিৰ প্ৰতি কানসাৰ নাই সংশ্লিষ্ট বিভাগৰ। চকু মুদা কুলিৰ ভাৱত বিভাগীয় কৰ্তৃপক্ষ।

Leave A Reply