প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ” পি এম বিশ্বকৰ্মা” আঁচনি। অসমৰ তিনি জিলাত মুকলি…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশজুৰি মুকলি কৰে “পি এম বিশ্বকৰ্মা” আঁচনি। তেওঁ আঁচনিখনৰ লোগো, টেগলাইন পোৰ্টেল মুকলি কৰাৰ লগতে ১৮ জন হিতাধিকাৰীক প্ৰদান কৰে বিশ্বকৰ্মা প্ৰমান পত্ৰ। দেশৰ ৭০ টা স্হানৰ লগতে অসমৰ তিনিখন জিলাতো এই আঁচনি মুকলি কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আঁচনিখন মুকলি কৰে কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আঁচনিখনৰ দ্বাৰা চেলুন, জোতা মিস্ত্ৰীৰ পৰা নাও নিৰ্মান কৰা শিল্পী সকলে বিশেষ উপকৃত হব বুলি মন্তব্য কৰে মন্ত্ৰী সোনোৱালে।

অনুষ্ঠানটোত উদ্যোগ মন্ত্ৰী বিমল বৰা, সাংসদ কুইন ওজা, ৰমেন ডেকা, মেয়ৰ মৃগেন শৰণীয়া, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি গন্য-মান্য ব্যক্তি সকল উপস্থিত থাকে। আনহাতে শিলচৰত মন্ত্ৰী বিষেশ্বৰ টুডুৱে মুকলি কৰে আঁচনিখন। অনুষ্ঠানটোত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়ক দ্বিপায়ন চক্ৰবৰ্তীৰ লগতে সাংসদ ৰাজদীপ ৰয়। টুডুৱে আঁচনিখনৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায় বৃদ্ধি হোৱাৰ লগতে দক্ষতা বৃদ্ধি পাব বুলি নিজৰ ভাষন প্ৰসংগত উল্লেখ কৰে। একেদৰে ডিব্ৰুগড়ত আঁচনিখন মুকলি কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। অনুষ্ঠানটোত মন্ত্ৰী সঞ্জয় কিশানকে ধৰি অন্যান্য বিষয়াৰ লগতে গন্য-মান্য ব্যক্তি সকলে অংশগ্ৰহণ কৰে।

Related Articles