Breaking

আজি ঘোষণা হ’ল অসম চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল…

0 131

আজি ঘোষণা হ’ব অসম চৰকাৰ বিভিন্ন বিভাগৰ তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল। ৰাজ্যিক নিযুক্তি পৰিষদৰ অধীনত অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা এই পৰীক্ষাৰ ফলাফল আজি ঘোষণা হ’ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।

সেই অনুসৰি আজি পুৱা ১১ বজাত ১১ হাজাৰ ৫১০ টা পদৰ নিযুক্তিৰ ফলাফল ঘোষণা হব। আৰু কালিলৈ অৰ্থাত ৪ মে”ত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল।

উল্লেখ্য অহা ১১ মে’ত বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ২৬ হাজাৰ পদত নিযুক্তি প্ৰদান কৰা হ’ব। এই নিযুক্তি প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ।

Leave A Reply