Breaking

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই লৈছে ভয়াৱহ ৰূপ।ভাৰতৰ পৰা সহায় বিচাৰিছে ইউক্ৰেইনে!

0 2,129

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই লৈছে ভয়াৱহ ৰূপ।নিহত হৈছে ৪০ জন ইউক্ৰেইন সেনাৰ লগতে ১০ জন ইউক্ৰেইনৰ লোক।প্ৰতি মূহুৰ্তত আহিছে মৃত্যুৰ খবৰ।ৰাছিয়াৰ আক্ৰমণত এতিয়া লৈকে ইউক্ৰেইনৰ ৪০জনৰো অধিক সৈনিক নিহত হৈছে।পৰিস্থিতি অধিক বেয়ালৈ গতি কৰিছে।আনহাতে ইউক্ৰেইনৰ ১০ জনৰো অধিক নাগৰিক নিহত হৈছে ৰাছিয়াৰ সেনা আক্ৰমণত।দেশৰ সুৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে ইউক্ৰেইনৰ নাগৰিক।

সেইসকল নাগৰিককো অস্ত্ৰ দিবলৈ সাজু হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি।ATM, বেংক ,বিভিন্ন দোকান আদিত ভিৰ কৰিছে ইউক্ৰেইনৰ নাগৰিক।খাদ্য-সামগ্ৰী নাটনিৰ ভয়ত আতংকিত হৈ পৰিছে দেশখনৰ নাগৰিক।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা সহায়ৰ বিচাৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে।

Leave A Reply