Breaking

মদনপুৰ টোল গেটত উতপ্ত পৰিস্থিতি, ভাঙি লণ্ড ভণ্ড কৰিলে মদনপুৰ টোল প্লাজা

0 39

কামৰূপ জিলাৰ চাংসাৰি থানা এলেকাৰ মদনপুৰৰ মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ সন্মুখৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ-ছাত্ৰী,প্ৰতিবেশী আৰু সাধাৰণ জনতাক পণবন্দী কৰি  স্থাপন কৰা মদনপুৰ টোলগেটত আজি পুৱাই হাতে-হাতে লোৰ ৰ’ড,লাঠীলৈ অহা ৪০-৫০ জনীয়া যুৱকৰ দ’ল এটাই মুখত কাপোৰ বান্ধি  উন্মত্ত ৰূপলৈ ভয়ংকৰ আক্ৰমন কৰি ইয়াৰ বিভিন্ন সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰোপৰি অগ্নিও সংযোগোৰে কাম-কাজ স্তব্ধ কৰি তোলে । লক্ষণীয়ভাৱে পূৰ্বৰ এম.বি.কনচৰিয়াম নামৰ ফাৰ্মখনৰ স্থানত নিবিদাৰ জৰিয়তে মুম্বাইৰ ঈগল ইনৰ্ভা নামৰ প্ৰতিষ্ঠানটোৱে সপতাহত ১.৮ কোটি টকা ৰাজহৰ বিপৰীতে আজিৰ পৰা এবছৰৰ বাবে দায়িত্ব লাভ কৰি আজি পূজা-অৰ্চনা কৰি কাম-কাজ আৰম্ভ কৰাৰ পিছত উন্মাদ দ’লটোৱে চি.চি.কেমেৰাৰ সংযোগ বিচ্ছিন্ন আৰু চাৰ্ভাৰ কোঠা লণ্ডভণ্ড কৰি পুৱা ৯-৩০ বজাৰ পৰা প্ৰায় ডেৰঘণ্টা জুৰি  এই যুৱকৰ দলটোৱে হাতেহাতে ৰদ-লাঠী আদি লৈ ভাঙি চিঙি লণ্ড ভণ্ড কৰে মদনপুৰ টোলগেট । ইয়াতো ক্ষান্ত নাথাকি এই উন্মত্ত যুৱকৰ দ’লটোৱে কেচ কাউণ্টাৰত  অগ্নিসংযোগ অাৰু শৌচাগাৰ-প্ৰস্ৰাৱগাৰো ভাগি-ছিগি লণ্ড-ভণ্ড  কৰে । আৰ.এছ.এছ আৰু বজৰংগ দ’ল,বি.জে.পি আৰু এগৰাকী মন্ত্ৰীৰ  পৃষ্ঠপোষকতাত বহি:ৰাজ্যৰ প্ৰতিষ্ঠানে টোলগেটতোৰ দায়িত্ব লাভ কৰাৰ অভিযোগ তুলি একমাত্ৰ ইয়াৰ  বিৰোধিতা আৰু প্ৰতিবাদতে বহি:ৰাজ্যৰ প্ৰতিষ্ঠানে এই দায়িত্ব লাভ কৰা আৰু কৰ্মৰত স্থানীয় কৰ্মচাৰীসকলক ছাটাই কৰাৰ অভিযোগ কৰিলেও উপস্থিত স্থানীয় কৰ্মচাৰীয়ে পোনছাটেই এই অভিযোগ খণ্ডন কৰে । ইয়াৰ বিপৰীতে এই আক্ৰমনকাৰী সকলে গুণ্ডাগিৰী আৰু দাদাগিৰীৰে টোলগেটতোৰ  পূৰ্বৰ লেছীৰ পৰা দৈনিক,সাপ্তাহিক আৰু মাহেকীয়া ভিত্তিত লাভ কৰি অহা গুণ্ডাকৰৰ পৰা বঞ্চিত হোৱাৰ আশংকাতে কাৰ্যত: এই গুণ্ডাকৰ কৰ নৱীকৰণৰ ষড়যন্ত্ৰতহে এই চৰকাৰী সম্পদত আক্ৰমন চলোৱাৰ অভিযোগ উঠিছে । ইপিনে আণক্ৰমনকাৰী বাহিনীটোৱে সুপৰিকল্পনাৰে টোলগেট লণ্ডভণ্ড আৰু অগ্নিসংযোগ  কৰি নিজৰ লক্ষ্যত উপনীত হৈ নিৰবিঘ্নে ভিলেইনৰ দৰে আতৰি যোৱাৰ পিছতহে প্ৰতিবাদথলীত সংশ্লিষ্ট কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ  বিষয়া ড° অংকিতা শৰ্মা আৰু আৰক্ষী উপস্থিত হয় । ইয়াৰ কিছু সময় পিছত পৰিস্থিতি ক্ষান্ত হোৱাত বিভিন্ন যন্ট্ৰপাতিৰ যোৰা-টাপলি মাৰি পুণৰ কৰ সংগ্ৰহৰ কাম আৰম্ভ কৰা হয় ।

আৰক্ষীৰ ভূমিকাকলৈ গভীৰ ৰহস্য –

জনতাৰ তীব্ৰ প্ৰতিবাদক সামান্যতমো গুৰুত্ব নিদিয়াকৈ চৰম অনিয়মৰে মুকলি কৰা এই টোলগেটোত আজি চলোৱা এই সুপৰিকল্পিত এই আক্ৰমনৰ সময়ত আশ্বৰ্যজনকভাৱে ইয়াত এগৰাকীও আৰক্ষীৰলোক উপস্থিত নথকাত স্থানীয় চাংসাৰি থানাৰ লগতে কামৰূপ জিলা আৰক্ষীৰ ভূমিকাকলৈয়ো গভীৰ ৰহস্য অাৰু সন্দেহৰ সৃষ্টি হৈছে।তাৎপৰ্যপূৰ্ণভাৱে ইয়াত ল’কডাউনৰ মাজতে বিভিন্ন সংগঠন,ৰাইজৰ প্ৰতিবাদক নেওঁচি যোৱা ১৬ জুনত এই টোলগেটতো মুকলি কৰাৰ পিছৰে পৰা স্থানীয় আৰক্ষীয়ে ইয়াত লেছী আৰু টোলগেটক  সুৰক্ষা দিয়াৰ বাবে আৰক্ষীৰ এটা বাহিনীক ইয়াত প্ৰতি নিয়ত নিয়োজিত কৰি ৰখা হৈছিল । কিন্তু আজি ৰাজহুৱা সম্পত্তিৰ ওপৰত চলোৱা এই আক্ৰমনৰ ঘটনাৰ কিছু সময় আগলৈ ইয়াত আৰক্ষীৰ দ’লটো মোতায়েন কৰি ৰখা হৈছিল যদিও আশ্বৰ্যজনকভাৱে ঘটনাৰ কিছু সময় পূৰ্বে দ’লটো অন্তৰ্ধান হৈ পৰিছিল । ইয়াৰোপৰি আক্ৰমনকাৰী দ’লটোৱে বীৰদৰ্পে মুক্ত গুণ্ডাগিৰীৰে  ।

ইয়াৰ পৰা আতৰি যোৱাৰ পিছত থেৰোগেৰোকৈ ইয়াত কমলপুৰ থানাৰ (পৰিদৰ্শক) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু চাংসাৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াদ্বয় ঘটনাস্থলীত উপস্থিত হয় যদিও তেওঁলোক তেনেই নিষ্ক্ৰিয় হৈ থাকে । অকল এয়াই নহয়,এই টোলগেটোলৈ এখন বাছত আহি থকা অৱস্থাত প্ৰায় ২৫ জনীয়া কৰ্মচাৰীৰ দ’ল এটাক এখন এক্স.ইউ.ভি বাহনত অহা ৮ জনীয়া দ’ল এটাই কমলপুৰ থানাৰ অন্তৰ্গত দলমাগেটত যোৱানিশা আগছি ধৰি প্ৰায় ৫১ টা মবাইল কাঢ়ি লয় । ইয়াৰ লগতে এই দুৰ্বৃত্তৰ দ’লটোৱে কৰ্মচাৰীৰ দ’লটোক পিস্তলৰেও আক্ৰমন কৰি আতৰি যায় । ইয়াত আতংকিত হৈ কৰ্মচাৰীৰ দ’লটোৱে উভতি যায় যদিও টোলগেটৰ অন্যলোকে তেওঁলোকক  ওভটাই কমলপুৰ থানালৈ আনি ঘটনাৰ বিষয়ে মৌখিকভাৱে অৱগত কৰায় । টোলগেটৰ লেছী সলনি হোৱাৰ লগে লগে ঘটা এই আক্ৰমনৰ ঘটনাই টোলগেটকলৈ হৱ পৰা ভয়ানক পৰিস্থিতিৰ আগজাননী দিয়াৰ পিছতো আৰক্ষীয়ে বিষয়টোক অৱহেলাহে কৰি লোৱা দুৰ্বল স্থিতি আদিৰ কাৰণে পৰিকল্পিত এই আক্ৰমন জিলাখনৰ আৰক্ষীৰ জ্ঞাতসাৰে আৰু অদৃশ্য কৃপাতে হ’ল নেকি সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে । আন এক আশ্বৰ্যৰ বিষয় এইযে ইয়াত মুক্ত গুণ্ডাগুৰীৰে পূৰভবৰ লেছীয়ে ডকাইতৰ দৰেকৈ ধন সংগ্ৰহ কৰি অহাৰ পিছতো জিলা আৰু থানাখনৰ আৰক্ষীয়ে এইবোৰ নেদেখাৰ ভাওঁ দি আহিছিল ।  

লেছী সলনিৰ পিছতে আছুক উচতনি দিছিল  মধ্যভোগী দালালে –

 এইবোৰৰ উপৰি এই টোলগেটৰ লেছীৰ দায়িত্ব অন্য সংস্থাই লাভ কৰাটো নিশ্চিত হোৱাৰ পিছতেই মাহেকত নিজাকৈ লক্ষাধিক টকাৰ লগতে সংবাদ মাধ্যমৰ নামতো বহু হাজাৰ টকা অাত্মসাৎ  কৰি অহা  মধ্যভোগী দালালেও আছু,যুৱছাত্ৰ পৰিষদ,কৃষক মুক্তি সংগ্ৰাম সমিতিক টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ বাবে উচতনি দিয়াৰো খৱৰ পোৱা গৈছে । জানিব পৰামতে,টোলগেটটোত খান্দহ খোৱা বালি তল যোৱাৰ বাবে দিয়া হৈছে এই উচতনি । যিয়েই নহওঁক আজিৰ এই মুক্ত গুণ্ডাগিৰীৰে ৰাজহুৱা সম্পত্তি ধ্বংস কৰা এই ঘটনাকলৈ আৰক্ষীৰ ভূমিকা সন্দৰ্ভত নানান প্ৰশ্নচিহ্নৰ উদয় হৈছে ।

Leave A Reply