Breaking

দেশৰ ভিতৰতেই ক্ষুদ্ৰতম সিংহাসন : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান পালে চামগুৰিৰ বিপুল বৰাই

0 2,044

অপূৰ্ব সৃষ্টিৰাজিৰ জৰিয়তে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে চামগুৰিৰ এগৰাকী শিল্পীয়ে । চামগুৰি শিঙীয়া কুমাৰগাঁৱৰ বিপুল কুমাৰ বৰা নামৰ শিল্পী গৰাকীয়ে লকডাউনৰ মাজতেই ১ ফুট বৰ্গাকাৰ আৰু ১ ফুট ২ ইঞ্চি উচ্চতাৰ সাতখলপীয়া এখন ক্ষুদ্ৰতম সিংহাসন থুজা কাঠেৰে নিৰ্মাণ কৰিছিল । যিখন সিংহাসনত ৪ ভাগ কাছ, ২৮ টা হাতী আৰু ২৮ টা সিংহ অতি ক্ষুদ্ৰ ক্ষুদ্ৰকৈ কাঠত কাটি সংলগ্ন কৰিছিল আৰু ইয়াত যি সমূহ সিংহ সংলগ্ন কৰা আছিল সেইসমূহ মাত্ৰ ১ইঞ্চি উচ্চতাৰ আছিল।

একাংশই এইখন সিংহাসনেই আটাইতকৈ ক্ষুদ্ৰতম সিংহাসন বুলি দাবী কৰিছিল । এতিয়া এইখন সিংহাসনে ক্ষুদ্ৰতম সিংহাসন বুলি স্বীকৃতি লাভ কৰাৰ পৰিবৰ্তে বিপুল কুমাৰ বৰাই এইখন সিংহাসন নিৰ্মাণ কৰি নিজৰ নাম ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ।

যি খবৰ বিয়পি পৰাৰ লগে লগে চামগুৰিত এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । আনহাতে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে এতিয়া বিপুল কুমাৰ বৰাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ এই সাফল্যৰ বাবে প্ৰশংসা কৰিছে।

Leave A Reply