Breaking

গহপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আজৱ কাণ্ড; নিৰ্দিষ্ট তিথিৰ পৰিবৰ্তে আজিয়েই উদযাপন কৰিলে শিক্ষক দিৱস

0 104

    গহপুৰ মহকুমাৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মহান মনীষী ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱসটি দুদিনৰ পূৰ্বে অনুষ্ঠিত কৰাক লৈ সৰ্বত্ৰতে চৰ্চা চলিছে। উল্লেখ্য যে মহকুমাটোৰ অন্যতম উল্লেখযোগ্য ব্যক্তিগত শিক্ষানুষ্ঠান চেণ্ট যোচেফ স্কুলে শনিবাৰে অনুষ্ঠিত কৰে শিক্ষক দিৱসটি।

    ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ব্যক্তিগত বিদ্যালয় সমূহক নাকি লগাবলৈ অথবা চৰকাৰৰ আওতালৈ নিবলৈ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে গহপুৰৰ এইখন বিদ্যালয়ে চৰকাৰৰ শিক্ষা বিভাগক বৃদ্ধাঙ্গুষ্ঠ দেখুৱাই নিজ খেয়াল-খুচি মতে শিক্ষক দিৱসৰ নিদিষ্ট তিথিৰ পৰিৱৰ্তে অনুষ্ঠিত কৰি গহপুৰীয়া সচেতন মহলৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে।

    সকলোৱে জানে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উদযাপন কৰাৰ কথা। ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত সেইগৰাকী বৰেণ্য ব্যক্তিৰ জন্ম হৈছিল। কিন্তু গহপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সৰ্বপল্লী ৰাধাকৃষ্ণণক চূড়ান্তভাৱে অপমান কৰি ২ ছেপ্টেম্বৰত উদযাপন কৰিলে শিক্ষক দিৱসটি।

    যাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে গহপুৰৰ পুৰুববাৰীস্থিত চেণ্ট যোচেফ স্কুলৰ অধ্যক্ষ গৰাকীৰ পৰিয়ালৰ এজন ব্যক্তিৰ ৰোগৰ বাবে অধ্যক্ষ গৰাকী ঘৰলৈ যাব কাইলৈ যাৰ বাবে ৫ তাৰিখৰ পৰিৱৰ্তে আজিয়েই অৰ্থাৎ ২ তাৰিখেই অনুষ্ঠিত কৰিলে শিক্ষক দিৱস।

    এতিয়া গহপুৰৰ সচেতন মহলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। কিমান দিনলৈ চলিব একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ময়মতালি।

    Leave A Reply