Breaking

ৰঙিয়া চিৰাখুন্দিত বৰলীয়া নৈৰ ভয়ংকৰ গৰাখহনীয়া ! কেইবাটাও পৰিয়াললৈ ভাবুকি…

0 87

ৰঙিয়া পৌৰসভা এলেকাৰ দহ নম্বৰ ওৱাৰ্ডৰ চিৰাখুন্দিত বৰলীয়া নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । গৰাখহনীয়াৰ ফলত নৈখনৰ কাষতে থকা কেইবাটাও পৰিয়াললৈ ভাবুকি আহিছে । ইফালে বৰলীয়া নৈৰ কাষতে আছে এখন প্ৰাথমিক বিদ্যালয়ৰ লগতে এটা অঙ্গনাবাড়ী কেন্দ্ৰ ।

নৈখনৰ গৰাখহনীয়া ক্ৰমান্বয়ে প্ৰাথমিক বিদ্যালয়ৰ লগতে অঙ্গনাবাড়ী কেন্দ্ৰটোলৈ বিপদ কঢ়িয়াই আনাৰ ফলত আন এক চিন্তাৰ কাৰণ হৈ পৰিছে । ইফালে প্ৰথমিক বিদ্যালয় আৰু অঙ্গনাবাড়ী কেন্দ্ৰলৈ অহা যোৱা কৰা কণ – কণ ছাত্ৰ ছাত্ৰী সকলে বিপদজনক ভাবে বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হৈছে ।

গুৰুত্বপূৰ্ণ বিষয়টো হল যে বৰলীয়া নৈৰ গৰাখহনীয়াই উক্ত অঞ্চললৈ ভাবুকি কঢ়িয়াই অনা বিষয়টো অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অবগত কৰিছে যদিও কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।

Leave A Reply