ৰাজ্যজুৰি হ’ল দৰমহা; কিন্তু দৰমহা নাপালে ডিব্ৰুগড়ৰ টেট উত্তীৰ্ণ প্ৰথমিক শিক্ষক সকলে…

ৰাজ্যজুৰি হৈ গ’ল দৰমহা; কিন্তু এই মাহৰ দৰমহা নাপালে ডিব্ৰুগড়ৰ টেট উত্তীৰ্ণ প্ৰথমিক শিক্ষকসকলে। ইয়াকে লৈ শনিবাৰে ডিব্ৰুগড়ৰ সৰ্ব শিক্ষাৰ কাৰ্যালয় ঘেৰাও কৰিলে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।

বিভিন্ন শ্লোগান, প্ৰতিবাদী বক্তব্য ইত্যাদিৰে কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে।

লগতে প্ৰাপ্য দৰমহা আদায় দিবলৈ ৩দিনৰ সময় সীমা বান্ধি দিলে ডি ই ই বিন্তী শৰ্মাক। নহ’লে তীব্রতৰ হ’ব আন্দোলন, দিলে হুংকাৰ।

উল্লেখ্য যে বিগত কিছু মাহত ডিব্ৰুগড়ৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ব্যাগোম বিত্তীয় কেলেংকাৰী সংঘটিত হৈছিল। য’ত অভিযুক্ত হৈ গাণিতিক ধনতি গগৈ আৰু ফাইনে়ঞ্চ এণ্ড একাউন্ট অফিছাৰ গিয়াছ আলী কাৰাগাৰলৈও যাব লগা হৈছিল।


এই কেলেংকাৰীৰ তদন্ত ইতিমধ্যে অব্যাহত আছে।যাৰ বাবে দৰমহাৰ আদায় দিয়াত এই বিশৃঙ্খলতাই দেখা দিয়া বুলি ক’ব খোজে যদিও প্ৰতিবাদী শিক্ষকে এই কথা মানি লোৱা নাই।

শিক্ষক সকলৰ মতে বিভাগৰ কোনোবাই দুৰ্নীতি কৰিলে দৰমহা দিয়াত খেলিমেলি হোৱাতো গ্ৰহণযোগ্য নহয়।

Related Articles