Breaking

খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ত অনুষ্ঠিত হয় অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তিৰ এমহিয়া প্ৰশিক্ষণ শিবিৰ

0 1,570

মহাবিদ্যালয় খনিৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগ শিক্ষক গোটৰ সহযোগত অনুষ্ঠিত হয় এই প্ৰশিক্ষণ শিবিৰটো । গ্ৰাম্য অঞ্চলৰ চাকৰি প্ৰত্যাশি সকলৰ সুবিধাৰ অৰ্থে অনুষ্ঠিত কৰিছে এই বিনামূলীয়া কৰ্মশালাৰ। মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° অমীয় কুমাৰ দাসৰ সঞ্চালনত অনুষ্ঠিত বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্ধোধন কৰে নুমলীগড় তেল শোধনাগাৰৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ মুখ্য প্ৰবন্ধক মিন্টো সন্দিকৈয়ে।

বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱাৰ লগতে খুমটাই ৰাজহ চক্ৰ বিষয়া তনবিৰ ইউচুফ আহমেদ। বিসিষ্ট ব্যক্তি কেইজনে কিদৰে চাকৰি লাভ কৰিবলৈ প্ৰস্তুতি চলাব লাগে সেই বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰে।

উক্ত প্ৰশিক্ষণ শিবিৰত গোলাঘাট জিলাৰ বিভিন্ন গ্ৰামাঞ্চলৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে গ্ৰামাঞ্চলৰ চাকৰি প্ৰতাসি ছাত্ৰ ছাত্ৰী সকল উপকৃত হব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। ১ জুলাইৰ পৰা আৰম্ভ হোৱা বিনামূলীয়া প্ৰশিক্ষণ শিবিৰটো অহা ৩০ জুলাই লৈকে চলিব।

Leave A Reply