Breaking

টিংখাঙত আশা কৰ্মীৰ শোকাৱহ মৃত্যু, গভীৰ শোক

0 81

টিংখাং

ডিব্ৰুগড় জিলাৰ টিংখাঙত বুধবাৰে পুৱা এগৰাকী আশা কৰ্মীয়ে অতি শোকাৱহভাৱে মৃত্যুক সাৱতি ল’ব লগা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। ঘটনাৰ বিৱৰণী মতে টিংখাঙৰ দুই নং চপাতলি গাঁৱৰ সৰবৰহী মহিলা তথা স্বাস্থ্য বিভাগত নিয়োজিত আশা কৰ্মী পূৰ্ণিমা গগৈয়ে ঘৰৰ পিছফালে থকা এটা পৰিত্যক্ত নাদত জাৱৰ পেলাবলৈ গৈ মৃত্যুক সাৱতি লয়। যোৱা নিশা বৰষুণ হোৱাৰ বাবে নাদটোত কিছু পৰিমাণৰ পানী হৈছিল। আন দিনাৰ দৰে পুৱা জাৱৰ পেলাবলৈ গৈ অসাৱধানবশতঃ নাদটোত মহিলাগৰাকী পৰি যায়। পৰিয়ালৰ লোকে মহিলাগৰাকীক বিচাৰ খোচাৰ কৰি বহু পলমকৈ নাদটোত মহিলাগৰাকী পৰি থকাৰ প্ৰত্যক্ষ কৰি মৃত অৱস্থাত উদ্ধাৰ কৰে। জানিব পৰা মতে মহিলাগৰাকী মৃৰ্গী ৰোগত যোৱা কিছুদিন ধৰি আক্ৰান্ত হৈ আছিল।গতিকে মহিলাগৰাকী নাদটোত পৰি পানীত ডুব যোৱাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়াল তথা স্থানীয়লোকে প্ৰকাশ কৰিছে। অৱশ্যে মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যায়ল হাস্পতাললৈ প্ৰেৰণ কৰিছে। মহিলাগৰাকীৰ শোকাবহ মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। অঞ্চলটোৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মহিলাগৰাকীয়ে স্বামী কেনেউ গগৈসহ দুই পুত্ৰ কন্যা আৰু বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

Leave A Reply