Breaking

জ্যোতিচিত্ৰবনত অসমীয়া চিনেমা ‘মমতাৰ চিঠি’ৰ ট্ৰেইলাৰ মুকলি

0 313

বুধবাৰে কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ এটি প্ৰেক্ষাগৃহত নতুন অসমীয়া চিনেমা মমতাৰ চিঠিৰ ট্ৰেইলাৰটি মুকলি কৰা হয়৷ ট্ৰেইলাৰটি মুকলি কৰে বৰ্ষীয়ান অভিনেত্ৰী চেতনা দাসে৷


হেম বৰুৱাৰ হৃদয়স্পৰ্শী সৃষ্টি মমতাৰ চিঠি শীৰ্ষক কবিতাটিৰ আধাৰত ‘মুখা’ৰ বেনাৰত নিৰ্মল দাসে নিৰ্মাণ কৰা ‘মমতাৰ চিঠি’ চিনেমাখনে অহা ৬ অক্টোবৰত অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব৷এই উপলক্ষে বুধবাৰে আয়োজন কৰা সংবাদমেল সম্বোধন কৰি পৰিচালক নিৰ্মল দাসে চিনেমাখনৰ সফলতাৰ বাবে দৰ্শক-ৰাইজৰ সহযোগিতা কামনা কৰে৷ট্ৰেইলাৰ মুকলি অনুষ্ঠানত প্ৰথমেই স্বনামপ্ৰসিদ্ধ কবি হেম বৰুৱাৰ প্ৰতিচ্ছবিত মমতাৰ চিঠিৰ সমূহ কলা কুশলীৰ হৈ অভিনেতা ভাগৰ্ৱ কটকীয়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে৷ অনুষ্ঠানটিত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা,জ্যেষ্ঠা অভিনেত্ৰী চেতনা দাস,জ্যেষ্ঠ সাংবাদিক ক্ৰমে উৎপল মেনা,অচ্যুত কুমাৰ পাটোৱাৰী,শিৱাণু বৰা,মণ্টু

শইকীয়া,পৰিচালক অৰূপ বৰঠাকুৰৰ লগতে সংবাদমাধ্যমৰ বহু লোক আৰু ছবিখনৰ কলাকুশলী উপস্থিত থাকে৷

ইয়াৰ আগতে অপেছাদাৰী নাট্যমঞ্চৰ বাহিৰেও ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো মমতাৰ চিঠি পৰিবেশিত হৈছিল৷

চিৰিয়াছ কাম আৰু চিন্তা চৰ্চাৰে সাংস্কৃতিক জগতখনত পৰিচিত নাম নিৰ্মল দাসে এইবাৰ মমতাৰ চিঠিক দিলে চলচ্চিত্ৰৰ ৰূপ৷


মমতাৰ চিঠি চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক সমৰজ্যোতি সৰকাৰ৷সহকাৰী পৰিচালনা গোপাল আৰু উৎপলৰ৷কাৰিকৰী নিৰ্দেশনা আৰু চিনেমাটো গ্ৰাফী প্ৰদীপ দৈমাৰীৰ৷সহযোগী উপেন বড়ো৷চিনেমাখনৰ প্ৰযোজনা দেৱাদিব দাসৰ৷ছাউণ্ডৰ কাম কৰিছে দীপক দত্তই৷সহযোগী বাবুল দাস৷

চিনেমাখনৰ কেন্দ্ৰীয় চৰিত্ৰদুটাত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াই৷ বৰ্ষীয়ান অভিনেত্ৰী চেতনা দাসৰ লগতে মমতাৰ চিঠিৰ আন আন চৰিত্ৰত অভিনয় কৰিছে ৰীণা বৰা,বিশ্বজিৎ ওজা,কবিন্দ্ৰ দাস,পল্লব পৱন বৰা,দিগন্ত কলিতা,ভাৰ্গৱ কটকী, বিপ্লৱ বৰকাকতি,গোলাপ ভূঞা, হেমাংগ ৰায়চৌধুৰী, মুকুট পূজাৰী, মনোজ দাস,হিতেশ মহিলাৰী,সংঘমিত্ৰা ওজা,গৰিমা দাস,দীপশিখা দাস,বিক্ৰম কাকতি,সঞ্জীৱ দাস,মল্লিকা শৰ্মা,উৎপল,শৰ্মিষ্ঠা দাস আদিয়ে৷আনহাতে ভিক্টৰ অৰ্জুন,প্ৰিয়দৰ্শন,প্ৰেৰণা,জ্ঞানম কিশোৰ,উদিচী,প্ৰিয়ব্ৰতে শিশুশিল্পী হিচাপে মমতাৰ চিঠিত অভিনয় কৰিছে৷


চিনেমাখনৰ আৱহ সংগীত তৰালী শৰ্মাৰ৷মমতাৰ চিঠিৰ চাৰিটি গীতৰ তিনিটাই লিখিছে নিৰ্মল দাসে৷ইয়াৰে জুবিন গাৰ্গৰ কণ্ঠৰ ‘আহিবানে জোনাক’ গীতটিৰ সুৰ নিৰূপ দাসৰ৷সংগীত ৰাজীৱ নাথৰ৷


গীতটিয়ে ইতিমধ্যেই শ্ৰোতাৰ আদৰ বুটলিছে৷আন গীতটি লিখিছে ভাস্কৰ অপচুৱেলে৷ গীতত কণ্ঠ নিগৰাইছে তৰালী শৰ্মা ,শৰ্মিষ্ঠা দাস আৰু ভাস্কৰ অপচুৱেলে৷


Leave A Reply