Breaking

অসম চৰকাৰৰ জনজাতি কল্যাণ বিভাগে আগবঢ়ালে এম্বুলেন্স…

0 42

আজি স্বাধীনতা দিৱসৰ দিনা অসম চৰকাৰৰ ভৈয়াম জনজাতি কল্যাণ বিভাগে নকছাৰি চুঙীলাহি়ং স্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ এটা এম্বুলেন্স আগবঢ়ায়।

আজি চুঙীলাহি়ং মহাত্মা গান্ধী আদর্শ চিকিৎসালয়লৈ আগবঢ়োৱা এই এম্বুলেন্সখন উদ্ধোধন কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে। জনজাতি তথা পিছপৰা অধ্যুষিত বৃহত্তৰ নকছাৰি অঞ্চলৰ অসুবিধাৰ প্রতি লক্ষ্য ৰাখি মৰিয়নিৰ বিধায়ক গৰাকীয়ে ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্রী ৰনোজ পেগুক অনুৰোধ জনাইছিল।

আজি নকছাৰি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এই এম্বুলেন্সখন আগবঢ়োৱা বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ,মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্রী ৰনোজ পেগুক মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।

মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ ৰিপৰ্ট

Leave A Reply