Breaking

আকৌ বৰাকক পৃথক কৰাৰ উকমুকনি। পূৰ্বাঞ্চল নামেৰে গঠন কৰিব নতুন ৰাজ্য…

0 48

সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণে কঁকাল ভাঙিছে বঙালীৰ। দুগৰাকী অনাবঙালীৰ ভূমিকাৰ অভিযোগ। বিতৰ্কত নেতা প্ৰদীপ দত্ত ৰয়ে বৰাক উপত্যকাক অসমৰ পৰা পৃথক কৰাৰ সপোনত বিভোৰ হৈ থকাৰ বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। সংবাদমাধ্যমত প্ৰকাশিত বাতৰিমতে বৰাক ডেম’ক্ৰেটিক ফ্ৰন্টৰ নেতা প্ৰদীপ দত্ত ৰায়ে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণে বৰাকৰ বঙালীৰ ককাল ভাঙি দিয়াৰ অভিযোগ তুলি ইয়াৰ পিছত অসমৰ লগত বৰাক থকাৰ কোনো যুক্তি নাই বুলি মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ত সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ গোচৰ চলি থকা বুলি উল্লেখ কৰি দত্ত ৰয়ে ইয়াৰ পাছতো ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰা কাৰ্যক ৰহস্যজনক বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৬ চনত পুনৰ সমষ্টিৰ নিৰ্দ্ধাৰণ হব যদিওঁ ২০০১ ৰ পিয়লৰ আধাৰত তালিকা প্ৰকাশ কৰা কাৰ্যক সন্দেহ প্ৰকাশ কৰে। বৰাক ডেম’ক্ৰেটিক ফ্ৰন্টৰ নেতা গৰাকীয়ে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ দায়িত্বত এগৰাকী অবঙালী আৰু বৰাকৰ এগৰাকী অবঙালী বিধায়কে ডিআৰডিএ বিভাগৰ অবসৰপ্ৰাপ্ত বিষয়াৰ পৰামৰ্শত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপন কৰি কয় যে এওঁলোকৰ বৰাকৰ ভৌগলিক জ্ঞান নাই।

দত্ত ৰয়ে গুৱাহাটীত নিৰ্বাচন আয়োগৰ শুনানীত বৰাকৰ দুই শতাধিক অভিযোগ পত্ৰ দিয়াৰ পিছতো গুৰত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে আয়োগৰ বিৰুদ্ধে। তেওঁ বৰাকক অসমৰ পৰা পৃথক কৰি পূৰ্বাঞ্চল নামেৰে নতুন ৰাজ্য গঠনৰ পোষকতা কৰি বিধান সভাৰ ৬০ খন আসনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে। এই নিৰ্বাচন পূৰ্বাঞ্চল বিধান সভাৰ নিৰ্বাচন বুলি জনা যাব বুলি মন্তব্য কৰে এই গৰাকী বিতৰ্কত নেতা প্ৰদীপ দত্ত ৰয়ে। ইতিপূৰ্বেও এই গৰাকী নেতাই বিতৰ্কত মন্তব্য কৰি বঙালী আৰু অসমীয়া জাতিৰ মাজত মত বিৰোধ সৃষ্টি কৰাৰ অভিযোগত অভিযুক্ত। অসমীয়া বিদ্বেষী মনোভাবৰে পৰিপুষ্ট এই গৰাকী নেতাৰ গোপন অভিসন্ধিৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্হা গ্ৰহন কৰে সেয়া লক্ষ্যনীয় হব আগন্তুক সময়ত।

Leave A Reply