Breaking

বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ চিলাপথাৰৰ শ্ৰমিক ১৭ দিনে সন্ধানহীন। পুলিচৰ পোছাকত অজ্ঞাত লোকে লৈ যোৱাৰ সন্দেহ পৰিয়ালৰ…

0 53

বহিঃ ৰাজ্য কেৰেলা লৈ কৰ্ম সংস্থাপন বিচাৰি যোৱা চিলাপথাৰৰ শ্ৰমিক কৰ্মস্থলী পোৱাৰ আগতেই সন্ধানহীন হোৱাৰ এক খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰত। চিলাপথাৰৰ সমীপৰ নিতাই শীলৰ পুত্ৰ ছুমন্ত শীল (৩৫) নামৰ যুৱক জনে ১৬ ছেপ্টেম্বৰৰ পুৱা বহিঃ ৰাজ্য কেৰেলা লৈ কাম কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যায়। যুৱক জনে ১৯ ছেপ্টেম্বৰত হঠাৎ অন্ধ্ৰ প্ৰদেশৰ বিজয়পাড়া ৰে’লৱে ষ্টেচন নামৰ ঠাইৰ পৰা পত্নীক ফোন যোগে জ্ঞাত কৰে যে পুলিচৰ পোছাকত অহা কোনো অজ্ঞাত লোকে কথা-বতৰা অবিহনেই তেওঁক গাড়ী তুলি লৈ গৈছে। লগে লগে শ্ৰমিকজনৰ মোবাইল ফোন চুইচ অফ হৈ পৰাত পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খৱৰ লৈছে যদিও কোনো সম্ভেদ বৰ্তমানে লাভ কৰা নাই। চিলাপথাৰ আৰক্ষী থানাত জাননী দিছে যদিও এইক্ষেত্ৰত আৰক্ষীয়েও কোনোধৰণৰ সহযোগ নকৰাৰ অভিযোগ তুলিছে পৰিয়ালে। পত্নীসহ তিনি কন্যাৰ লগতে বৃদ্ধ মাতৃক এৰি থৈ সন্ধানহীন হোৱা ছুমন্তৰ পত্নীয়ে কান্দি কান্দি সংবাদমাধ্যমৰ যোগেদি ৰাইজৰ সহায় বিচাৰিছে। যদি কোনো সদাশয় লোকে কতবা ছুমন্ত শীলক দেখা পাই তেন্তে পৰিয়ালৰ 8638701827/9678386262 নম্বৰ অতথা কাষত থকা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।

Leave A Reply