Breaking

আজি বিশ্বৰ বৃহৎ মটেৰা ষ্টেডিয়াম উদ্বোধন কৰিব ৰাষ্ট্রপতিয়ে

0 2,179

চৰ্দাৰ বল্লভ ভাই। পেটেলৰ দীর্ঘদেহী প্রতিমূর্তিৰ পিছত গৃহ ৰাজ্য গুজৰাটৰ প্রতি প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে আন এক বৃহৎ উপহাৰ প্ৰদান কৰিছে গুজৰাটবাসীক।

আহমেদাবাদৰ সৱৰমতী নতুনকৈ নির্মাণ কৰা চৰ্দাৰ পেটেল মটেৰা ষ্টেডিয়াম বিশ্বৰ ভিতৰতে বৃহৎ ষ্টেডিয়াম ৰূপে গঢ় দি কাইলৈ দেশবাসীৰ প্রতি সমর্পিত কৰা হ’ব।

ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে আজি মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা ভাৰত-ইংলেণ্ডৰ মাজৰ তৃতীয় দিবা-নৈশ টেষ্টমেচত উপস্থিত থাকি বিশ্বৰ ভিতৰতে বৃহত্তম ক্রিকেট ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

উল্লেখ কৰিব পাৰি যে আজি এইখন ষ্টেডিয়ামতে ভাৰতে দিবা-নৈশ ৰূপত পিংক বল দ্বিতীয়বাৰৰ বাবে খেলিব। ইতিপূর্বে ভাৰতে ইডেন গার্ডেন বাংলাদেশৰ বিপক্ষে প্রথমবাৰৰ বাবে পিংক বল খেলিছিল।

স্মর্তব্য যে বিশ্বৰ ভিতৰত বর্তমানে বৃহত্তম ক্রিকেট ষ্টেডিয়ামৰূপে পৰিগণিত হৈ আহিছে মেলবর্ণ ক্রিকেট ষ্টেডিয়াম।

এই ষ্টেডিয়ামৰ ৯০ হাজাৰ দর্শক বহনক্ষম। কিন্তু আহমেদাবাদৰ নতুনকৈ নির্মাণ কৰা চর্দাৰ পেটেল মটেৰা ক্রিকেট ষ্টেডিয়ামৰ দর্শকৰ বহন ক্ষমতা হ’ল ১.১০ লাখ।

ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে ৬৩ একৰ ভূমি ব্যৱহাৰ কৰা হৈছে। ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে ৮০০ কোটি টকা ব্যৱহাৰ কৰা হৈছে। চালে চকুৰােৱা এই নতুন ষ্টেডিয়ামখন নির্মাণকাৰী সংস্থা হৈছে ষ্টেচু অব ইউনিট।নির্মাণ কৰা লাছেন এণ্ড টাব কোম্পানী।

প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ সপােনৰ প্রজেক্ট এই ষ্টেডিয়ামত আছে ৭৬ টা কৰ্পৰেট বক্স, অলিম্পিক পর্যায়ৰ চুইমিংপুল, ইন্দৰ একাডেমী, চাৰিটাকৈ ড্রেচিংৰুম, ফুড কর্ট আৰু জিচিএ ক্লাব হাউচ।

সুন্দৰকৈ নির্মাণ কৰা এই ষ্টেডিয়ামখনত ১১ খন ক্রিকেট পিটছ আছে। ইয়াৰ ৬ খন ৰঙা মাটি আৰু ৫ খন ক’লা মাটিৰে নির্মাণ কৰা হৈছে।

এইখনেই হৈছে বিশ্বৰ প্রথমখন ষ্টেডিয়াম, য’ত মুখ্য পিটছ আৰু অনুশীলন পিটছ উভয় বৰণৰ বােকা মাটিৰে নির্মাণ কৰা হৈছে। যদিহে খেলত বৰষুণ হয়, তেন্তে আধা ঘণ্টাৰ ভিতৰতে পিটছ শুকুৱাৰ ব্যৱস্থা আছে এই ষ্টেডিয়ামত।

Leave A Reply