Breaking

তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা গুৱাহাটীত Y20 বৈঠক আৰম্ভ

0 71

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰীযুত অনুৰাগ সিং ঠাকুৰে ‘যুৱ সংলাপ’ অনুষ্ঠিত কৰাৰ পিছত শ্বেতপত্ৰ উন্মোচন কৰিব৷ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদৰ গৱেষণা পত্ৰ দাঙি ধৰিব৷

গুৱাহাটী আই আই টিত আয়োজন কৰা হ’ব কাৰিকৰী অধিবেশন আৰু আলোচনা৷ বিশিষ্ট বক্তাসকলৰ ভিতৰত জেনেৰেল ভি কে সিং, জি পি সিং, হিমা দাসে৷ জি-২০ দেশৰ ১৫০ জনতকৈ অধিক যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে৷ এই সন্মিলনে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বৰ দৰ্শকলৈ নিজ-নিজ মতামত প্ৰকাশৰ সুযোগ প্ৰদান কৰিব।

তদুপৰি, ব্ৰহ্মপুত্ৰৰ বালিচৰত ৱাই-২০ ৰ প্ৰতিনিধিসকলৰ অৰ্থে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত বিশিষ্ট গায়ক পাপনে সংগীতানুষ্ঠান পৰিবেশন কৰিব।

Leave A Reply