নগাঁৱৰ এগৰাকী অধ্যক্ষৰ প্ৰংশসনীয় কৰ্ম । নিলম্বনৰ সময়ছোৱাত কুটীৰ শিল্প চৰ্চা, মুখ্যমন্ত্ৰীলৈ সাজি উলিয়ালে বাঁহৰ নাও, মানসিক দৃঢ়তাৰ নিদৰ্শন এগৰাকী অধ্যক্ষৰ…
মানসিক শক্তি আৰু নিজৰ ওপৰত থকা অগাধ বিশ্বাসে অসম্ভৱো কামো সম্ভৱ কৰি তোলে।নিজৰ ওপৰত থকা অপৰিসীম বিশ্বাস আৰু মানসিক দৃঢ়তাৰ বাবে নগাঁৱৰ এখন অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানৰ এগৰাকী অধ্যক্ষৰ জীৱনলৈ অজানিতে নামি অহা কিছু বেয়া মূৰ্হুতত তেওঁ মানসিক ভাবে ভাগি নপৰি কৰি গৈছিল বিভিন্ন যোগাত্মক কৰ্ম।যি যোগাত্মক কৰ্মৰ বাবে এতিয়া সকলোৰে শলাগৰ পাত্ৰ হৈছে অধ্যক্ষ গৰাকী।এই গৰাকী হৈছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতী।

জীৱনৰ বেয়া মূৰ্হুত সমূহ সোঁৱৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে কয় যে
মোক মিছা অভিযোগত চৰকাৰে ৬মাহৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰিছিল। কিন্তু সেই সময়ত মই মানসিক ভাৱে ভাগি পৰা নাছিলো। মোৰ পৰিয়াল আৰু শুভাকাংক্ষীৰ আশীৰ্বাদে মোক সাহস দিছিল সকলো ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজি যোৱাৰ। সেয়ে এই সময়ছোৱাত আন চিন্তা বাদ দি মই ব্যস্ত হৈছিলো বাঁহৰ দ্বাৰা বিভিন্ন সামগ্ৰী নিৰ্মান কৰাত। এতিয়া মই নিৰ্মান কৰা সামগ্ৰীৰে মহাবিদ্যালয়ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ উপৰিও আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলকো কুটীৰ শিল্পৰ প্ৰশিক্ষণ দিয়াৰ বাবে চেষ্টা কৰিম।
– উল্লেখযোগ্য যে মহাবিদ্যালয় খনৰে এগৰাকী ঠিকাভিত্তিক শিক্ষয়ত্ৰীৰ অভিযোগৰ ভিত্তিত ১ এপ্ৰিলত নিলম্বন কৰা হৈছিল ড° ভাগৱতীক। পিছে শিক্ষয়ত্ৰী গৰাকীয়ে উপযুক্ত সাক্ষ্য প্ৰমাণ দিব নোৱাৰাৰ বাবে যোৱা ৩১ অক্টোবৰত পুনৰ চৰকাৰে নিলম্বন প্ৰত্যাহাৰ কৰে। এই সময়ছোৱাত ভাগৱতীয়ে মানসিক ভাৱে ভাগি পৰাৰ সলনি কুটীৰ শিল্প চৰ্চাত নিজকে আত্মনিয়োগ কৰে। পুৰণিগুদামৰ ভেৰভেৰীৰ নিজা বাসগৃহত ড° ভাগৱতীয়ে বাঁহৰ নাও, চিংফৌ আৰ্হিৰ ঘৰ, নগা ঘৰ, চাং ঘৰ, ভাৰতীয় নৌ সেনাৰ আৰ্হিৰ নাও আদিৰ লগতে বিভিন্ন সামগ্ৰী নিৰ্মান কৰে। আনকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিয়াৰ বাবেও সাজি উলিয়াইছে এখন সুন্দৰ নাও। অধ্যক্ষ গৰাকীয়ে বৰ্তমান কুটীৰ শিল্পৰ জৰিয়তে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে উপদেশ দিয়াৰ লগতে শীঘ্ৰেই মহাবিদ্যালয় খনত কুটীৰ শিল্পৰ কৰ্মশালা অনুষ্ঠিত কৰাৰো পৰিকল্পনা কৰিছে।