Breaking

বিহুবৰ চাহ বাগিছাৰ সীমান্তৱৰ্তী অঞ্চলৰ নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি…

0 40

দিখৌ বিপদসীমাৰ ওপৰেৰে বৈছে জলপৃষ্ঠ | বিহুবৰ চাহ বাগিছাৰ সীমান্তৱৰ্তী অঞ্চলৰ নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংক সৃষ্টি হৈছে | নগা পাহাৰত হোৱা অত্যাধিক বৰষুণৰ ফলত আজি ফেনে ফুটোকাৰে বাঢ়ি আহিছে বৰলুইতৰ অন্যতম উপনদী দিখৌ |

দিখৌনৈৰ বুকুত পাহাৰৰ পৰা উটি অহা খৰি ধৰাত ব্যস্ত হৈ পৰিছে নৈপৰীয়া ৰাইজ সকল | শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং |

ভাগিল দিখৌৰ চিৰিপুৰীয়া-আজানপীৰ দৰগাহ সংযোগী দলং |সম্পূৰ্ণৰূপে বহি গ’ল নিৰ্মাণৰত দলঙৰ মাজভাগ |দিখৌ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে দলংখন |ত্ৰিশূল এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে চলাইছে নিৰ্মাণকাৰ্য |

Leave A Reply