Breaking

ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ ! নগাঁৱৰ ধিং গেটত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ…

0 57

সঘনাই বিদ্যুৎ কৰ্তনত যমৰ যাতনাত ভুগিছে ৰাইজ

ৰাজ্যৰ প্ৰায়বোৰ জনতাৰেই একেই দশা

প্ৰয়োজনৰ সময়ত বিদ্যুতে লুকা-ভাকু খেলিছে

ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ

প্ৰতিমূৰ্ত্তি দাহ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

অতিষ্ঠ হৈ ঘেৰাও বিদ্যুৎ বিভাগৰ কাৰ্যালয়

নগাঁৱৰ ধিং গেটত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্ত্তি দাহ।

সোমবাৰে দিনৰ ১১ বাজি ৪০ মিনিটত নগাওঁ জিলা আমছুৱে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰে। প্ৰতিবাদকাৰী সকলে শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি চৰকাৰক বিদ্যুতৰ যোগান নিয়মীয়া কৰণৰ দাবী জনোৱাৰ লগতে বিদ্যুতৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনোৱা ওপৰিও অনাগত সময়ত চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংঘঠনটোৱে।

Leave A Reply