Breaking

গুনোৎসৱত এখন প্ৰাথমিক বিদ্যালয়ত দেখিবলৈ পোৱা গল আশ্ৰম সদৃশ পৰিবেশ

0 42

সমগ্ৰ ৰাজ্যৰ বিদ্যালয় সমূহত দেখিবলৈ পোৱা গৈছে গুনোৎসৱৰ ব্যাপক ব্যস্ততা।

প্ৰতিখন বিদ্যালয় সজাই পৰাই তুলা হৈছে আটক ধুনীয়াকৈ। তাৰে মাজত এখন বিদ্যালয়ৰ পৰিবেশে দৃষ্টি আৰ্কষন কৰিছে সকলোৰে। আশ্ৰমসদৃশ এই বিদ্যালয়খন হৈছে নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত ৬১৮ নম্বৰ তলিবৰ প্ৰাথমিক বিদ্যালয়।

বিদ্যালয়খনৰ প্ৰতিটো কোঠা সজাই পৰাই তোলা হৈছে অসমীয়া আপুৰুগীয়া বিভিন্ন সা সজুলিৰে। জাকৈ খালৈ জাপিৰ পৰা আৰম্ভ কৰি ঢোল পেপা গগনালৈকে প্ৰতিবিধ সামগ্ৰী ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ আৰি ৰখা হৈছে শ্ৰেণীকোঠাত।

যাতে ছাত্ৰ ছাত্ৰীসকলে সহজেই চিনাকি হ’ব পাৰে। তাৰোপৰি চালে চকুৰোৱা বিদ্যালয়খনৰ বাহিৰৰ পৰিবেশো।

গুনোৎসৱৰ মূল্যায়নৰ বাবে বিদ্যালয়খনত উপস্থিত হোৱাৰ মৰিগাঁওৰ শিক্ষণ মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰৱক্তা কিশোৰ কুমাৰ দাসেও বিদ্যালয়খনৰ পৰিবেশত আল্পুত হৈ পৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাজু শইকীয়াৰ প্ৰচেষ্টাক আদৰণি জনাইছে স্থানীয় লোকসকলেও।

Leave A Reply