Breaking

এইবাৰ বেংক বেচৰকাৰীকৰণৰ পদক্ষেপ কেন্দ্ৰৰ

0 1,264

দৈনন্দিন বাৰ্তা ডেস্ক :

ৰে’ল, কয়লা, খনি, টেলিকম, প্ৰতিৰক্ষা, বিমান পৰিবহণ, বীমা, পেট্ৰ’লিয়াম আৰু কৃষিপণ্য বেচৰকাৰীকৰণ আৰু বিদেশী বিনিয়োগৰ দুৱাৰ খুলি দিয়াৰ প্ৰক্ৰিয়া কিছু দিনৰ আগতেই আৰম্ভ কৰিছিল নৰেন্দ্ৰ মোডী চৰকাৰে৷ এইবাৰ চৰকাৰৰ চকু দেশৰ বেংকবোৰৰ ওপৰত ৷ প্ৰাপ্ত তথ্য মতে বৰ্তমান যিকেইটা ৰাষ্ট্ৰীয়কৃত বেংক আছে তাৰ বেছিভাগেই বেচৰকাৰী প্ৰতিষ্ঠানৰ হাতত তুলি দিয়াৰ কথা ভাৱিছে কেন্দ্ৰীয় চৰকাৰে ৷ শীঘ্ৰেই কেন্দ্ৰীয় মন্ত্ৰীসভাত ইয়াক লৈ চূড়ান্ত সিদ্ধান্ত হ’ব পাৰে ৷ দিশত এতিয়া মুঠ ১২টা ৰাষ্ট্ৰীয়কৃত বেংক আছে ৷ তাক কমাই ৫টা কৰাৰ লক্ষ্য ৷ ৰাষ্ট্ৰীয়কৃত বেংকবোৰৰ বেছিভাগৰে অংশ বেচৰকাৰী খণ্ডত বিক্ৰী কৰা হৈছে ৷ তালিকাত আছে এতিয়া ৬টা বেংক ৷ সেইকেইটা হ’ল বেংক অব ইণ্ডিয়া, চেণ্ট্ৰেল বেংক অব ইণ্ডিয়া, ইণ্ডিয়ান অ’ভাৰচিজ বেংক, ইউকো বেংক, বেংক অব মহাৰাষ্ট্ৰ আৰু পাঞ্জাৱ এণ্ড ছিন্ধ বেংক ৷ তদুপৰি আন এটা বেংক থাকিব পাৰে ৷ কেইবাজনো আমোলা আৰু শীৰ্ষ বেংক বিষয়াক চৰকাৰী প্ৰক্ৰিয়াৰ সৈতে সংযুক্ত কৰা হৈছে বুলি সংবাদ সংস্থাক খৱৰটো জনাইছে ৷ কোৱা হৈছে, ইতিমধ্যে নীতিগত সিদ্ধান্ত লৈছে মোডী চৰকাৰে ৷ চৰকাৰী আমোলাৰ বক্তব্য, বেংকিং ক্ষেত্ৰৰ পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লৈছে চৰকাৰে ৷ উল্লেখ্য যে যোৱা ২০১৭ চনত দেশত ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা আছিল ২৭ ৷ সংযুক্তিকৰণৰ জৰিয়তে কমাই আনি ১২টা কৰা হ’ল ৷ বিশেষজ্ঞসকলৰ মতে যিদৰে বেচৰকাৰী খণ্ডৰ হাতত বেংক তুলি দিয়া হৈছে তাৰ পৰা ভৱিষ্যতে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী মানুহৰ দুৰ্দশা অধিক বৃদ্ধি পাব৷ প্ৰাপ্ত তথ্য মতে ইয়াৰ আগতে ৰিজাৰ্ভ বেংকক কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ দিছিল যে দেশত সৰ্বোচ্চ ৫টা ৰাষ্ট্ৰীয়কৃত বেংকৰ সেৱাই যথেষ্ট ৷ চৰকাৰে তাকে লৈ পদক্ষেপ গ্ৰহণ কৰিছে ৷

Leave A Reply