Breaking

এইবাৰ উচ্ছেদ চলিব ভাৰত-ভূটান সীমান্তৰ দৰঙ্গা সংৰক্ষিত বনাঞ্চলত

0 68

তামুলপুৰ মহকুমাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত থকা দৰঙ্গা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা ২১০ ঘৰ লোকক উচ্ছেদৰ জাননী।

অহা ১৫ দিনৰ ভিতৰত বনভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ বন বিভাগৰ।

উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে অঞ্চলবাসী। জাননী লাভ কৰাৰ পিছতে এবিএমছুৰ নেতৃত্বত প্ৰায় পাঁচ শতাধিক লোকে ‘বিজেপি চৰকাৰ হায় হায়’, ‘প্ৰমোদ বড়ো চৰকাৰ মিছলীয়া’, ‘এই উচ্ছেদ মানি লোৱা নহব’, ’ইউ পি পি এল মুর্দাবাদ’, ’জলেন দৈমাৰী মুর্দাবাদ’ আদি শ্লোগানেৰে উত্তাল কৰি তুলে পৰিৱেশ।

প্ৰতিবাদকাৰীসকলে কয় ’তেজ দিম মাটি আমি নিদিওঁ। ধাৰাবাহিক আন্দোলনৰ বাবে আমি সাজু। কোনো পধ্যেই আমি মাটি এৰি নিদিও এয়া স্পষ্ট কথা’।

উল্লেখযোগ্য যে বিগত কেইবাবছৰৰ পৰা অবৈধ ভাৱে ভূমি দখলৰ কৰি বসবাস কৰি আহিছে এইসকল লোকে।

Leave A Reply