Breaking

নগাঁৱত সদৌ অসম ভিত্তিত তিনিদিনীয়া চিত্ৰ প্ৰদৰ্শনীৰ সামৰণি

0 2,174

নগাঁৱৰ অন্যতম চিত্ৰকলা অনুষ্ঠান নগাঁও আৰ্ট পইন্টৰ উদ্যোগত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ভিত্তিত চিত্ৰকলা প্ৰদৰ্শনীৰ কালি সামৰণি পৰে। যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই চিত্ৰ প্ৰদৰ্শনীত নগাঁৱৰ লগতে শিৱসাগৰ, তেজপুৰ, লামডিং আদিকে ধৰি বহু কেইখন জিলাৰ চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰে।

প্ৰথম দিনা চিত্ৰ প্ৰদৰ্শনী আনুষ্ঠানিক ভাৱে মুকলি কৰে তেজপুৰৰ বিশিষ্ট তথা জ্যেষ্ঠ চিত্ৰশিল্পী জ্ঞানেন্দ্ৰ নাথ বৰাই। প্ৰদৰ্শনীত ১০১টা চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যৰ খ্যাতনামা চিত্ৰশিল্পী ক্ৰমে ৰাজীৱ দাস, কৃষ্ণ মোদক, মল্লিকা বিশ্বকৰ্মা, অজয় শৰ্মা, অনিতা বিশ্বকৰ্মা, অমিতাভ দাস গুপ্তা, বলবিন্দৰ সিং, ৰচিয়তা দাস, তপন দে, আলি হাইদৰ, ৰনবিৰ দাস, নন্দিতা পাটৰ, শান্ত দলপতি, অৰবিন্দ দাসকে ধৰি দুকুৰি চিত্ৰশিল্পীয়ে অংকন কৰা চিত্ৰও প্ৰদৰ্শন কৰা হয়। উক্ত তিনিদিনীয়া প্ৰদৰ্শনীত অসংখ্য শিল্পী প্ৰেমী ৰাইজৰ আগমন ঘটা পৰিলক্ষিত হয়।

Leave A Reply