Breaking

টংলা ছাটগাড়ী মজলীয়া বিদ্যালয়ত জন ভাগিদাৰী কাৰ্যক্ৰমৰ টি এল এম মেলা

0 149

ওদালগুৰি শিক্ষা খণ্ডৰ টংলা ছাটগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত সোমবাৰে সমগ্ৰ শিক্ষা ওদালগুৰিৰ উদ্যোগত নিপুণ ভাৰত মিছনৰ অধীনত আৰম্ভ হোৱা বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা কাৰ্যসূচীৰ অংশৰূপে জন ভাগীদাৰী কাৰ্যক্ৰমৰ অন্তৰ্গত টিএলএম অৰ্থাৎ শিক্ষণ শিকণ সঁজুলি মেলা অনুষ্ঠিত হয় ।

ওদালগুৰি জিলা অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকাই ৰঙীণ ফিটা কাটি শুভ উদ্বোধন কৰে এই অনুষ্ঠানৰ।

টংলা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সবিতা ৰাণী মহলীয়াৰ নেতৃত্বত ১২ খন বিদ্যালয়ৰ পৰা শিক্ষণ শিকণ সঁজুলি প্ৰদৰ্শন কৰা হয়।

প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে খৈৰাবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বহৈথী বড়োৱে আৰু হাতে লিখা আলোচনী উন্মোচন কৰে ওদালগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অশ্বিনী বড়োৱে।

অনুষ্ঠানত ওদালগুৰি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই টি এল এম মেলাত অংশগ্ৰহণ কৰে।

Leave A Reply