Breaking

আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস ….

0 212

আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস ৷ সেই উপলক্ষে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে জাগীৰোড সমষ্টিৰ বাঘজাপত আয়োজন কৰা হয় বিশেষ গাঁও সভা ৷ এই সভাতে বাঘজাপ গাঁও পঞ্চায়তক প্ৰদান কৰা হয় “দীনদয়াল উপাধ্যায় পঞ্চায়ত স-শক্তিকৰণ পুৰস্কাৰ ২০২২” ৷ মৰিগাঁও জিলাৰ ভিতৰতে শ্ৰেষ্ঠ পঞ্চায়তৰ পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বাঘজাপ গাঁও পঞ্চায়তে ৷

এক গৌৰৱময় মুহুৰ্তক সাক্ষী কৰি জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ পল্লী গাঁও পঞ্চায়তত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা গাঁও সভাত ই-মাধ্যম যোগে এই পুৰস্কাৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷উল্লেখ্য যে পঞ্চায়তৰ বিভিন্ন আঁচনি সমূহ সফলভেৱ ৰূপায়নত সক্ষম হোৱাৰ বাবেই ভাৰতবৰ্ষৰ মুঠ ২৫ হাজা গাঁও পঞ্চায়তৰ লগতে মৰিগাঁও জিলাৰ ভিতৰত বাঘজাপ গাঁও পঞ্চায়তে লাভ কৰে এই ৰাষ্ট্ৰীয় পুৰস্কাৰ ৷

অনুষ্ঠানত মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, মৰিগাঁও জিলা পৰিষদৰ CEO ক্ষিতিশ পেগু, মায়ং উন্নয়ন খণ্ডৰ খণ্ড বিষয়া জুৰি শইকীয়া, বাঘজাপ পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰীৰ লগতে পঞ্চায়ত সচিব আৰু ৱাৰ্ড সদস্য-সদস্যা সকল উপস্থিত থাকে ৷উক্ত অনুষ্ঠানত মন্ত্ৰী পীযূষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা আছিল ৷

Leave A Reply