Breaking

টীয়কৰ জাঁজীমুখ : পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তা

0 2,526

যোৰহাট জিলাৰ পূৱ প্ৰান্তত টীয়কত অৱস্থিত জাঁজীমুখ। ৰাষ্ট্রীয় ঘাইপথৰ পৰা আঠ কিলোমিটাৰ নিলগত আছে এই ঐতিহাসিক জাঁজীমুখ। উল্লেখযোগ্য যে, ব্ৰিটিছৰ দিনত জাহাজ ৰখাইছিল এই জাঁজীমুখতে। ব্ৰহ্মপুত্ৰ আৰু জাঁজী নদীৰ সমন্বয়ে সৃষ্টি হৈছে এই জাঁজীমুখ অঞ্চলটো। টীয়ক ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো ৰাজহ গাঁও সাঙুৰি এই বৃহত্তৰ অঞ্চলটোক জাঁজীমুখ নামেৰে জনাজাত। কলিতা, মিছিং, কৈৱৰ্ত, মুছলিম, খ্ৰীষ্টিয়ান, বিহাৰী সম্প্ৰদায়ৰ লোকৰ সমন্বয়ে প্ৰাণ পাই উঠিছে মহাবাহুৰ বক্ষ। মুলতঃ এই অঞ্চলৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উৎস খেতি, গৰু-ম’হ পালন,দুগ্ধ ব্যৱসায়, মৎস্য পালন তথা নদীত মাছ ধৰি পৰিয়াল পুহ পাল দিয়ে এই অঞ্চলৰ লোকসকলে। জাঁজীমুখ এঠা দৈৰ এক সুকীয়া সমাদৰ আছে যোৰহাট জিলাত। বছৰটোৰ তিনিমাহ বানপানীয়ে জুৰুলা কৰা আৰু বন্যহস্তীৰ তাণ্ডৱৰ এই সমস্যাৰ বাহিৰে জাঁজীমুখত বিশেষঃ কোনো ধৰণৰ সমস্যাই ৰাইজক বিপদত পেলোৱা নাই। সতেজ শাক-পাচলি, গাখীৰ, নদীৰ মাছ, নিজা উৎপাদিত শস্যৰে এই ভোগালী ঠাই জাঁজীমুখ। আগতে যোগাযোগৰ সম্বল ৰাস্তাৰ সমস্যাই এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী অথবা ৰাইজক সমস্যাত পেলাইছিল যদিও বৰ্তমান ৰাস্তা-ঘাটৰ উন্নতমানৰ ব্যৱস্থাই যথেষ্ট সকাহ দিছে জাঁজীমুখবাসীক। জাঁজীমুখ জনজাতি হাইস্কুল, লুইতপৰিয়া মধ্য ইংৰাজী বিদ্যালয় তথা কেইবাখনো প্ৰাথমিক বিদ্যালয় অৱস্থিত এই অঞ্চল কলেজত অধ্যয়নৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে টীয়ক বা যোৰহাটলৈ যাবলগীয়া হয়। জাঁজীমুখ বুলি কলেই অসমত বানপীড়িত এটা অঞ্চল বুলি সকলোৱে ভাৱে কিন্তু জাঁজীমুখ জৈৱ বৈশিষ্ট্যৰ ক্ষেত্ৰত যথেষ্ট চহকী আৰু অনাগত দিনত জাঁজীমুখ যে অসমৰ অনন্য পৰ্যটনৰ কেন্দ্ৰবিন্দু হব সেইটো নিশ্চিত। কেইবাখনো বিল, জলাশয় থকা এই বৃহত্তৰ অঞ্চলটো পক্ষীৰ অন্যতম বিচৰণস্থলী। এটা অন্যতম স্বেচ্ছাসেৱী সংগঠন “কেতেকী”য়ে দীৰ্ঘ সময়ৰ পৰা এই অঞ্চলত পশু-পক্ষীৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে আনকি এসময়ত বহু বিদেশী পৰ্যটক পক্ষীৰ বিচৰণস্থলী চাবলৈ জাঁজীমুখলৈ ঢাপলি মেলিছিল আৰু এতিয়াও বহু লোকে পক্ষীৰ বিচৰণৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ জাঁজীমুখলৈ আহে। তাৰ লগতে তিনিটা সুঁতি পাৰ হৈ জপং গাঁও পাৰ হৈ ব্ৰহ্মপুত্ৰৰ বক্ষত প্ৰকৃতিপ্ৰেমী ললিত টাউড নামৰ এজন লোকে নিৰৱে গছ গছনি ৰুই প্ৰতিষ্ঠা কৰিছে “বালিমাহী চাপৰি” নামেৰে এখন অৰণ্য। এজন চৰকাৰী কৰ্মচাৰী হৈয়ো কৰ্মবিৰতিৰ সময়ত ললিত টাউডে গছ গছনি ৰুই প্ৰাকৃতিক ভাৰসাম্যতাৰ ৰক্ষাৰ বাবে চেষ্টা চলাইছে। তেওঁক বিশেষভাৱে সহযোগিতা আগবঢ়াইছে সদৌ অসম ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে, ২০২০ বৰ্ষৰ পৰা ২৫০ বিঘাৰো অধিক মাটিৰে আবৃত্ত বালিমাহী চাপৰিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পূৰ্ণ তত্ত্বাৱধানত বিশ্ব পৰিৱেশ দিৱসৰ দিনটোৰ পৰা ‘এক লক্ষাধিক গছ-পুলি ৰোপণ’ৰ প্ৰচেষ্টা হাতত লৈছে ছাত্ৰ সংগঠনটোৱে। বালিমাহীত এতিয়া লহপহকৈ বাঢ়িছে ৰোপণ কৰা গছ গছনিবোৰ, মাথোঁ সেউজীয়া হৈছে বালিমাহী। আমাৰ হাতত পোৱা তথ্যমতে বৰ্তমানলৈকে প্ৰায় বিশ হাজাৰ গছ পুলি ৰোপণ কৰিছে বালিমাহী চাপৰিত। এতিয়া আহিছোঁ কেনেকৈ জাঁজীমুখ পৰ্যটনৰ কেন্দ্ৰ হব পাৰে এই সম্পৰ্কত। প্ৰতিবছৰে আমি দেখি আহিছো, ডিচেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈকে স্থানীয় লোকৰ বাহিৰেও যোৰহাট, শিৱসাগৰৰ বহু লোকে তৃপ্তিৰে এসাঁজ খাবলৈ জাঁজীমুখলৈ আহে। হাজাৰ-হাজাৰ লোকৰ সমাবেশে ভৱিষ্যতৰ দিনত জাঁজীমুখৰ বনভোজস্থলীক সুকীয়া স্থান দিব সেইটো নিশ্চিত। কিয়নো বনভোজ খাবলৈ অহা লোকসকলে অকল মাত্ৰ ভোজ খাবলৈ নাহি এই অঞ্চলৰ প্ৰাকৃতিক দৃশ্য চাই, নৌকা বিহাৰ কৰে অথবা ব্যৱসায়িক দিশত থলুৱা গাখীৰ, মাছ, শাক পাচলি ক্ৰয় কৰি ৰাইজক অৰ্থনৈতিকভাৱে সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ দেৱৰ চৰকাৰৰ দিনত জাঁজীমুখক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত টীয়কৰ কেইবাজনো ব্যক্তিৰ প্রচেষ্টাত “জাঁজীমুখ মহোৎসৱ” আয়োজন কৰিছিল। নানা মেলা,থলুৱা খাদ্য মেলা, গ্ৰন্থ মেলা তথা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰি কেইবাজনো অসমৰ জনপ্ৰিয় গায়কক আমন্ত্ৰণ জনাই উদ্যোক্তাসকলে জাঁজীমুখক পৰ্যটকৰ আকৰ্ষণৰ থলী হিচাপে গঢ় দিবলৈ চেষ্টা কৰিছিল। এই জাঁজীমুখ অঞ্চলৰ ৰাইজ তথা টীয়কৰ বিভিন্ন দল-সংগঠনে বহু সময়ৰ পৰাই জাঁজীমুখক পৰ্য্যটনথলী হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনায় আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই আজিলৈকে। কিয়নো যদি জাঁজীমুখ পৰ্যটনথলী হিচাপে পৰিগণিত হয় তেতিয়া এই অঞ্চলৰ ৰাইজে নিজে উৎপাদিত কৰা শাক-পাচলি, দৈ-গাখীৰ, মাছ ইত্যাদি সামগ্ৰীসমূহ জাঁজীমুখ পৰিভ্ৰমণ কৰিবলৈ অহা লোকসকলে নিশ্চিতভাৱে ক্ৰয় কৰিব আৰু এখন বৃহৎ থলুৱা বজাৰৰ সৃষ্টি হব ফলত এই অঞ্চলৰ লোকসকল অৰ্থনৈতিকভাৱে যথেষ্ট টনকিয়াল হব সেইটো নিশ্চিত। তাৰোপৰি জাঁজীমুখৰ দুয়োটা সুঁতিত যদি নৌকাবিহাৰৰ ব্যৱস্থা কৰা হয় তাৰ ফলতো এই অঞ্চলৰ বহু লোক স্বাৱলম্বী হব। তাৰ লগতে জাঁজীমুখ প্লেটফৰ্মৰ নাতিদূৰত অৱস্থিত “বালিমাহী চাপৰি” অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে  চাই মানসিক তৃপ্তি লাভ কৰিব। এই লেখাৰ পৰা অসম চৰকাৰৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছোঁ যে জাঁজীমুখৰ বান-গৰাখহনীয়া সমস্যাৰ বৈজ্ঞানিক পদ্ধতিৰে এক সমাধানসূত্ৰ উলিয়াব লাগে লগতে জাঁজীমুখক পৰ্যটনক্ষেত্ৰ হিচাপে গঢ় দিব লাগে।

Leave A Reply