Breaking

চানডুবিৰ পৰ্যটন তথ্য বিষয়া তথা কবি ডেনী গামক বিদায় সম্বৰ্ধনা…

0 64


ৰাজ্যৰ পৰ্যটনথলী সমুহৰ অন্যতম চানডুবি পৰ্যটন নিৱাসৰ পৰ্যটন তথ্য বিষয়া ডেনী গামক অসম চৰকাৰৰ পৰ্যটন বিভাগে পদোন্নতিসহ কলকাতাস্থিত অসম ভৱনলৈ বদলি কৰিছে। সেই উপলক্ষে ১২ ছেপ্টেম্বৰত ডেনী গামক বিদায় সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে চানডুবি পৰ্যটন নিবাসত চানডুবি টুৰিষ্ট গাইড এচোচিয়েছনৰ উদ্যোগত আৰু চানডুবি নাওঁ সন্থা, চানডুবি জংগল কেম্প, লেক ভিউ হোম ষ্টে’ৰ সহযোগত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । সভাখন পৰিচালনা কৰে টুৰিষ্ট গাইড কন্দৰ্প বড়োৱে ।

উল্লেখ্য যে ডেনী গামে চানডুবিৰ বৃহত্তৰ অঞ্চলটোৰ পৰ্যটনৰ প্ৰসাৰতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈ আহিছিল । জানিব পৰা মতে, ৰাণীখামাৰত থকা কাফেনডঙা জলপ্ৰপাত, বাৰেগাঁৱত থকা চলকাডাৰে, বাখালাপাত থকা বাখলাপাৰা জলপ্ৰপাত, জিমিৰিগাঁৱত উৎপাদন হোৱা কমলা টেঙা, বৰনিজৰা, কুণ্ডিলমুখ, জমাগুৰি ৰামচন্দ্ৰ আশ্ৰম, কুলসীত থকা ইংৰাজৰ দিনৰ আই বি, কলৰ বাগান, ঝলকাট ইত্যাদি বিভিন্ন ঠাই পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণত আগভাগ লৈ আহিছিল। সভাত ডেনী গামক ৰাভা পাজাৰ, এখন সম্বৰ্ধনা পত্ৰ লগতে জংগল কেম্প, লেক ভিউ হোম ষ্টে’ৰ তৰফৰ পৰা ৰাভা পাজাৰ ইত্যাদি আন বহুজনে ব্যক্তিগতভাৱে পাজাৰ আৰু গামোচা আদিৰে সম্বৰ্ধনা জনায় ।

বিশেষকৈ চানডুবিৰ এই অঞ্চলটোত চাইক্লিং কৰাৰ ব্যৱস্থা হাতত লৈছিল ডেনী গামে । তাৰোপৰি ৰাভা জনজাতীয় ৰাভিয়ান ভদকাৰে পৰ্যটকসকলক আপ্যায়ন কৰিছিল । অনুষ্ঠানটোত স্থানীয় শিল্পী মৎস্য ৰাভাই ৰাভা সংগীত, বৰগীত আদি বাঁহীৰ সুৰেৰ সকলোকে আপল্পুত কৰি তোলে । সঞ্জয় ৰাভা, দিগন্ত ৰাভাকে আদি কৰি বিভিন্নজনে ভাষণ প্ৰসংগত ডেনী গামৰ কামৰ বাবে শলাগ লয় । আনগত দিনত সকলোৱে চানডুবিৰ বাবে কাম কৰি যাবলৈ আহবান জনোবাৰ লগতে তেওঁক জনোৱা সম্বৰ্ধনাৰ বাবে সকলোকে বিদায়ী বেলাত ধন্যৱাদ জনায় ।

Leave A Reply