Breaking

বহিঃৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু : পতিৰ নশ্বৰদেহ দাহনৰ পূৰ্বে অন্তঃ সত্তা পত্নীক প্ৰসৱ কৰাবলৈ লৈ যোৱা হৈছে চিকিৎসালয়ত।

0 118

তামুলপুৰ ঃ

বিশ্বজুৰি কৰ’ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে  তামুলপুৰৰ এটি দুখীয়া পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা । জানিব পৰা মতে লক ডাউনৰ পূৰ্বে তামুলপুৰ মহকুমাৰ হৰিণচৰা গাঁওৰ চন্দ্ৰ কুমাৰ দাস নামৰ যুৱক জনে কৰ্মৰ সন্ধানত ঢাপলি মেলিছিল সুদূৰ বেংগালুৰলৈ  । কিন্ত  লক ডাউনৰ বাবে সমগ্ৰ দেশ স্তব্ধ হৈ পৰাৰ সময়তে   হঠাৎ অসুস্থ হৈ পৰাত যুৱক জনক লগে লগে তেওঁৰ বন্ধুৱে ভৰ্তি কৰায় বেংগালুৰুৰ এখন চিকিৎসালয়ত। কেইবাদিনো ধৰি চিকিৎসাধীন হৈ থকা যুৱক জনে মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত  কালি নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈ পৰে ।  ইপিনে এই দুখ জনক খবৰটো পৰিয়ালে লাভ কৰিলে যদিও  লক ডাউন আৰু কৰ’ণা মহামাৰীৰ আতংকৰ বাবে নিজ গৃহত আনিবলৈ অসমৰ্থ হ’ল হৰিণচৰা গাঁওৰ ধীৰেন্দ্ৰ দাসৰ পুত্ৰ শ্ৰমিক চন্দ্ৰ কুমাৰ দাসৰ নশ্বৰদেহ ।  চন্দ্ৰ কুমাৰ দাসৰ সৈতে একেলগে কৰ্মৰত ভাতৃ ফুলকুমাৰ দাসে পৰিয়ালক খবৰ দিয়া অনুসৰি বেংগালুৰুতে যুৱক জনৰ শেষ কৃত্য সম্পন্ন কৰাৰ প্ৰস্তুতি চলিছে । উল্লেখযোগ্য যে মাত্ৰ এটা বছৰ পূৰ্বে বিচিত্ৰা দাস নামৰ যুৱতী গৰাকীৰ সতে বিবাহ পাশত আৱদ্ধ হৈছিল মৃত শ্ৰমিক চন্দ্ৰ কুমাৰ দাস।সম্প্ৰতি পত্নী বিচিত্ৰা ন মাহীয়া গৰ্ভৱতী এতিয়া ।  সামাজিক নিয়ম পালন কৰি এফালে গাঁওৰ মানুহে মচি দিছে মৃত শ্ৰমিক চন্দ্ৰকুমাৰৰ পত্নীৰ কপালৰ সেঁঁন্দুৰ কণ আৰু আনফালে পত্নীৰ আৰম্ভ হৈছে প্ৰসৱৰ যান্ত্ৰণা। পতিৰ নশ্বৰদেহ সৎকাৰ কৰাৰ পূৰ্বে  অন্তঃসত্তা পত্নীক  লৈ যোৱা হৈছে চিকিৎসালয়ত প্ৰসৱ কৰাবলৈ । এতিয়া পৰিয়ালৰ লোকে চৰকাৰ তথা প্ৰসাশনক কাতৰ অনুৰোধ কৰিছে মৃত  চন্দ্ৰ কুমাৰ দাসৰ সৈতে একেলগে থকা ভাতৃ ফুলকুমাৰ দাসক যাতে চৰকাৰ আৰু প্ৰশাসনৰ লোকে ঘৰলৈ উভতাই দিয়াৰ ব্যৱস্থা কৰে। মৃত চন্দ্ৰ কুমাৰ দাসৰ সৈতে একেলগে শ্রমিক হিচাবে কৰ্মৰত আছিল দাদা ফুলকুমাৰ দাস। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগতে বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ লগতে শোকত ভাগি পৰিছে গাঁওবাসী তথা আত্মীয় স্বজন।

Leave A Reply