Breaking

কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱত ৰাজ্যিক সমবায় কৰ্মীৰ কৃষি সামগ্ৰী ব্যৱসায়ৰ প্ৰশিক্ষণ

0 36

নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত ৰাজ্যিক সমবায় সমিতি আৰু অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ যুটীয়া উদ্যোগত সমবায় সমিতিৰ কৰ্মীবৃন্দৰ কৃষি সামগ্ৰী ব্যৱসায়ৰ ওপৰত পষেকযোৰা এক প্ৰশিক্ষণৰ শুকুৰবাৰে শুভাৰম্ভ কৰা হয়।

কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ সৌজন্যত আয়োজিত প্ৰশিক্ষণলানিৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ তথা উদ্দেশ্য বাখ্যা কৰি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ ভাৰপ্ৰাপ্ত মূৰব্বী তথা পথাৰ শস্য বিশেষজ্ঞা ড৹ বন্তি গগৈয়ে প্ৰশিক্ষাৰ্থীসকলক ৰাসায়নিক সাৰৰ নুন্যতম ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ জৰিয়তে কৃষকসকলৰ সুবিধাৰ বাবে ৰূপায়ণ কৰা বিভিন্ন কৰ্মৰাজিৰ ওপৰতো আলোকপাত কৰে।

অনুষ্ঠানত উপস্থিত থাকি নগাঁও জিলা সমবায় সমিতিৰ পঞ্জীয়ক বকুল চন্দ্ৰ বৰাই প্ৰশিক্ষাৰ্থীসকলক সমবায় ভিত্তিত কাম কৰি কৃষিক্ষেত্ৰৰ উন্নতি সাধন কৰিবলৈ উদগনি যোগায়। নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন ডেকাই সভাৰ জৰিয়তে সকলোকে নূণ্যতম সমৰ্থিত মূল্য কেন্দ্ৰৰ দ্বাৰা শস্য বিক্ৰী কৰি এই কেন্দ্ৰ সমূহ বৰ্তাই ৰাখিবলৈ অনুৰোধ জনায়।

অনুষ্ঠানটিত উপস্থিত থাকি ডেফোডিল উদ্যান শস্য মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড৹ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য্যই প্ৰশিক্ষাৰ্থীসকলক একগোট হৈ কৃষিকৰ্ম কৰি লাভবান্বিত হ’বলৈ অনুৰোধ জনায়।

উদ্বোধনী সভাখনত অংশগ্ৰহণ কৰি নগাঁও জিলাৰ উন্নয়ণ আয়ুক্ত গুনজিত কাশ্যপে মানৱীয় প্ৰমূল্যবোধ বৰ্তাই ৰাখি কৃষি ব্যৱসায়ৰ জৰিয়তে এখন সূস্থ সমাজ গঢ়িবলৈ আহবান জনায়।

কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ পশুবিজ্ঞান বিশেষজ্ঞ ড৹ অনিমেষ ডেকাই আতঁধৰা অনুষ্ঠানটিত নগাঁও আৰু হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩৬ গৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁওৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, পাম পৰিচালক শংকু মনি শৰ্মাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰটিৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে।

Leave A Reply