Breaking

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ

0 2,067

অহা ৬ এপ্ৰিলত হবলগীয়া তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে প্রস্তুতি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভোট গ্ৰহণৰ বাবে নিযুক্ত কৰা বিষয়া কৰ্মচাৰী সকলৰ ৬ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। পৃথিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, নিউ গোৱালপাৰা হাইস্কুল, বলদমাৰী হাইস্কুল, বাপুজীনগৰ, চৰকাৰী বি টি কলেজ, গোৱালপাৰা আৰু জিলা কৃষি প্ৰশিক্ষণ কেন্দ্ৰ, গোৱালপাৰা- এই পাঁচটা প্ৰতিষ্ঠানত ৬ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ, ১৩ মাৰ্চৰ পৰা দ্বিতীয় পৰ্য্যায়ৰ প্ৰশিক্ষণ আৰু ২৩ মাৰ্চৰ পৰা তৃতীয় পৰ্য্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হব বুলি জিলা জনসংযোগ বিভাগৰ দ্বাৰা প্ৰেৰিত এক প্ৰেছ বাৰ্তাত জানিবলৈ দিছে। পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হব প্ৰশিক্ষণ। এই প্ৰশিক্ষণত ১৩১৪ গৰাকী প্ৰিজাইডিং বিষয়া, ১৩১৪ গৰাকী ফাষ্ট পলিং বিষয়া, ১৩১৪ গৰাকী চেকেণ্ড পলিং বিষয়া আৰু ১৩১৪ গৰাকী থাৰ্ড পলিং বিষয়াসহ মুঠ ৫২৫৬ গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ দিয়া হব।উল্লেখযোগ্য যে গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে ভোটগ্ৰহণ প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া কৰ্মচাৰীক ৭ মাৰ্চৰ পৰা কবিড-১৯ ৰ প্ৰতিষেধক টীকাকৰণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আনহাতে জৰুৰী সেৱাত জড়িত বিদ্যুৎ বিভাগ, ভাৰত সঞ্চাৰ নিগম লি:, স্বাস্থ্য বিভাগৰ স্বাস্থ্য কৰ্মী, এম্বুলেন্স সেৱাৰ কৰ্মচাৰী, ৰেল বিভাগ, বিমান প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰী, অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰী, অগ্নিনির্বাপক বাহিনী, যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীসকল, ভোটগ্ৰহণৰ দিনাখনৰ বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃত সংবাদকর্মী সকল আৰু পানী জাহাজৰ লগত জড়িত ব্যক্তি সকলক পোষ্টেল বেলটযোগে ভোটদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ত মুকলি কৰা পোষ্টেল বেলট চেলৰ পৰা সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়া কৰ্মচাৰী সকলে ভোটদানৰ বাবে পোষ্টেল বেলট পেপাৰ সংগ্ৰহ কৰিব পাৰিব।

Leave A Reply