Breaking

ওদালগুৰি জিলাৰ শিশু সুৰক্ষা সমিতিৰ উদ্যোগত শিশু সুৰক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ

0 87

শিশু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন আইন আৰু ব্যৱস্থাৰ ওপৰত সামগ্ৰিক ধাৰণা দিবলৈ আজি ওদালগুৰি জিলাৰ শিশু সুৰক্ষা সমিতিৰ উদ্যোগত এখন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়।

ওদালগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণত ওদালগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰায় ৩৫ জন শিক্ষক শিক্ষয়ত্ৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰশিক্ষণত পকছো আইন,জে জে বি, শিশু শ্ৰমিক, বাল্য বিবাহ আদি শিশু সুৰক্ষাৰ বিভিন্ন আঁচনিৰ ওপৰত ব্যক্ত কৰে জিলা অপ্ৰতিষ্ঠানিক শিশু সুৰক্ষা বিষয়া বুদ্ধ বসুমতাৰীয়ে।

শিশু কল্যান সমিতিৰ বিভিন্ন কাৰ্যক্ৰম,আঁচনি আৰু আইন সম্পৰ্কীয়ৰ ওপৰত ব্যক্ত কৰে শিশু কল্যান সমিতিৰ সদস্য চাৰিকা স্বৰ্গীয়াৰীয়ে।

চাইল্ডলাইন আৰু ১০৯৮ নম্বৰ সেৱাৰ ওপৰত ভাষণ ৰাখে চাইল্ড লাইন জিলা পৰিচালক ললিত বড়োয়ে।

আনহাতে প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে ক্ৰমে শিশু সুৰক্ষা সমিতিৰ কৰ্মী দিলীপ শৰ্মা,প্ৰণৱ জ্যোতি তালুকদাৰ, চাইল্ড লাইনৰ কৰ্মী অৰূপ বড়ো আৰু হিমাক্ষী ৰাভাই।

Leave A Reply