Breaking

জামুগুৰিহাটৰ দীপাটোলাত টুচু মহোৎসৱ উদযাপন

0 2,026

কংগ্ৰেছ চৰকাৰৰ দিনত অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী মাজত সামাজিক  ব্যৱধান বৃদ্ধি হৈছিল।যাৰফলত দেশ কঁপোৱা ভীমাজুলি ,চিজুচাৰ  দৰে নৰহত্যাৰ কাণ্ড সংঘটিত হৈছিল। কিন্তু শুক্ৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ শাসনৰ কালত জাতি জনগোষ্ঠী লোকৰ মাজত সদভাৱ সম্প্ৰতিৰ এনাজৰি টনকিয়াল হবলৈ ধৰিলে। মোৰ সমষ্টিত বড়োলোকৰ বাথৈ মহোৎসৱত আদিবাসী সম্প্ৰদায়ৰ লোকে একেখন মঞ্চতে জুমুৰ নৃত্য পৰিবেশন  কৰিব পৰা পৰিবেশ ঘুৰি আহিছে। যিটো পৰিবেশ পূবৰ কংগ্ৰেছ চৰকাৰৰ দিনত নাছিল।’ এই মন্তব্য চতিয়াৰ  বিধায়ক পদ্ম হাজৰিকাৰ। শুক্ৰবাৰে চতিয়া সমষ্টিৰ দীপাটোলাত অনুষ্ঠিত হোৱা চাহ জনজাতি লোকৰ দ্বিতীয় বাৰ্ষিক টুচু মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেখেতে এইদৰে কয়।চাহ জনগোষ্ঠীয় লোকে অসমৰ সামাজিক ,সাংস্কৃতিক ,অৰ্থনৈতিক দিশলৈ সবল ভূমিকা গ্ৰহণ কৰি অহা  বুলি উল্লেখ কৰি চতিয়াৰ বিধায়ক গৰাকীয়ে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে চাহ জনজাতি লোকৰ উন্নয়নৰ বাবে একাধিক উন্নয়নমূলক আঁচনি গ্ৰহণ কৰাৰ বাবে বৰ্তমান চাহজনজাতি লোকে বিজেপি দলক তেওঁলোকৰ অন্তৰত স্থান দিয়া বুলিও মন্তব্য কৰে।শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৩০টাৰো অধিক দলে অংশ গ্ৰহণ কৰা টুচু মহোৎসৱত বিধায়ক হাজৰিকাই টুচু নাচি আনন্দ প্ৰকাশ কৰে।অনুষ্ঠানটিত পূব বৰভগীয়া গাঁও পঞ্চায়তৰ সভাপতি নিতানন্দ দাস,চাহজনজাতি নেতা লালন ওৰাংকে ধৰি বিশিষ্ট লোকসকল উপস্থিত আছিল।

Leave A Reply