Breaking

বিলাসীপাৰাত টিউটৰ শিক্ষকৰ অভিনৱ দাবী;মুখ্য মন্ত্ৰীলৈ পোষ্টকাৰ্ড প্ৰেৰণ

0 56

সদৌ অসম প্ৰাদেশি কৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সংস্থাৰ বিলাসীপাৰা ব্লক সমিতিয়ে শিক্ষাৰ মৰ্যদা প্ৰদান আৰু উপযুক্ত শিক্ষক সন্মানৰ দাবীত বিলাসীপাৰা ডাকঘৰত উপস্থিত হৈ পোষ্টকাৰ্ড আৰু স্মাৰক পত্ৰ এখন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পোষ্ট কৰে।

পোষ্ট কাৰ্ডত প্ৰতি গৰাকী টিউটৰ শিক্ষককে মাহে ১০৮০০/১১৭০০ টকা প্ৰাপ্ত মাননিৰে পৰিয়ালৰ ভৰণ পোষণ আৰু সন্তানৰ শিক্ষাৰ সুব্যৱস্থা কৰিবলৈ অপৰাগতা প্ৰকাশ কৰে।

লগতে টিউটৰ পৰিবৰ্তে শিক্ষকৰ মৰ্যদা প্ৰদান কৰিবলৈয়ো পোষ্ট কাৰ্ডৰ জৰিয়তে দাবী জনায়।

এই দাবী বিলাসীপাৰা ব্লক সমিতিৰ সমূহ টিউটৰ শিক্ষকে অসমৰ ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ ডাক বাকচত জৰিয়তে পোষ্ট কাৰ্ড সমূহ প্ৰেৰণ কৰে। প্ৰায় অৰ্ধ শতাধিক টিউটৰ শিক্ষককে পোষ্ট কাৰ্ড প্ৰেৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

-জহিৰুল ইছলামৰ

Leave A Reply