Breaking

বালিপৰা লখৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক

0 2,051

সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ দুষ্ট চক্ৰই চলাই আহিছে মদ,জুৱা,তথা ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি এটা অসাধু চক্ৰই চলাই আছে নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা।  শোণিতপুৰৰ লখৰাত চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাই  বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ দুজন লোকক আটক কৰিছে । এক গোপন সূত্রৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে লখৰাত তালাচি চলোৱাৰ সময়তে এখন তীব্ৰবেগত আহি থকা নম্বৰ প্লেটবিহীন  এল্ট  গাড়ীক আৰক্ষীয়ে ৰ’বলৈ  নিৰ্দেশ দিয়ে যদিও  গাড়ীখন  তীব্ৰবেগে পলায়নৰ চেষ্টা কৰে লগে লগে আৰক্ষী দলে  খেদি গাড়ীখন ধৰিবলৈ সক্ষম হয় । পিছত গাড়ীখনত তালাচী চলোৱাত গাড়ীখনৰপৰা  ১ পেকেট  ব্ৰাউন চুগাৰ আৰু ৯০ টা কন্টেইনাৰ উদ্ধাৰ হয় । আৰক্ষীয়ে লগতে গাড়ীখনত থকা দুজন লোককো কৰায়ত্ত কৰে । ধৃত লোক দুজন ক্ৰমে ভালুকপুঙৰ জংচৰ দেউৰী ( ২৩ ) আৰু আনজন  অৰুণাচলৰ বমদিল্লাৰ  টাছি জেৰাং বুলি জানিব পৰা গৈছে । জব্দকৃত সামগ্ৰীখিনিৰ মূল্য এক লাখ টকা। চাৰিদুৱাৰ আৰক্ষীৰ জিন্মাত থকা  সৰবৰাহকাৰী যুৱকদ্বয়ে খনামুখৰ  চনু নামৰ এজন লোকৰ পৰা  উক্ত ব্ৰাউনচুগাৰখিনি অনা বুলি ইতিমধ্যে  স্বীকাৰোক্তি দিছে । ইপিনে চনু নামৰ ব্যক্তিজনে পলায়ন কৰিছে বুলি জানিব দিছে চাৰিদুৱাৰ আৰক্ষীয়ে। 

Leave A Reply