Breaking

দ্বিতীয় খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ জুডো প্ৰতিযোগিতাৰ ইভেন্ট পৰিচালনা কৰিব অসমৰ দুজন টেকনিকেলে ……

0 90

অহা ২৪ এপ্রিলৰ পৰা ৩ মে’লৈ বেংগালুৰুত হ’বলগীয়া দ্বিতীয় খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ জুডো প্ৰতিযোগিতাৰ ইভেন্ট পৰিচালনা কৰাৰ বাবে অসমৰ দুজন টেকনিকেল অফিচিয়েল আমন্ত্রিত হৈছে ।

২৭ এপ্রিলৰ পৰা ৩০ এপ্ৰিললৈ জুডো ইভেন্টসমুহ অনুষ্ঠিত হ’ব । অসমৰ আমন্ত্রিত অফিচিয়েল দুজন হ’ল– সৌন্দর্য্য প্ৰসাদ চলিহা আৰু ভুৱন সিনহা ।

উল্লেখ্য যে ইয়াৰে সৌন্দর্য্য প্ৰসাদ চলিহা, গুৱাহাটীত অনুষ্ঠিত ছাউথ এছিয়ান গেমছ তথা এছিয়ান কেডেট এণ্ড জুনিয়ৰ জুডো প্ৰতিযোগিতা পৰিচালনা কৰাৰ অভিজ্ঞতাৰে পৰিপুষ্ট ।এই কথা জনালে, সদৌ অসম জুডো সন্থাৰ সম্পাদক জাফৰ খাঁ

Leave A Reply