Breaking

ভোমৰাবিলত দলং ভাঙি দুই ব্যক্তি আহত ,ঘটনাৰ সম্ভেদ পাই ঘটনাস্থলীত উপস্থিত পাৰিষদ সজল সিং

0 77

গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত বিটিচিৰ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ১নং ভোমৰাবিল গাঁৱত আজি দুপৰীয়া দুই বজাত ১নং ভোমৰাবিল – ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰাপুটা সংযোগী পুৰণি কাঠৰ দলং ভাঙি দুই পথ আৰোহী গুৰুতৰভাৱে আহত হয়। ঘটনা ক্ৰমে প্ৰায় পঁচিছ বছৰীয়া পুৰণি ১নং ভোমৰাবিল গাঁৱৰ কাঠৰ দলংখন বিগত কেইবাবছৰে গাঁওবাসীয়ে সংকট জনক অৱস্থাত যাতায়াত কৰি আছে।

কেইবছৰে স্থানীয় ৰাইজে স্থানীয় পাৰিষদ তথা ৰাইজৰ বৰঙণিৰে দলংখন মেৰামতি কৰে যদিও সৰু গাড়ী, টোটো, মটৰ চাইকেলৰ অত্যধিক যাতায়াতে দলংখন পুনৰ দুৰ্বল হৈ পৰে। আজি দুপৰীয়া দুই বজাত হঠাৎ দলংখন ভাঙি পৰে। ফলত আমান আলী (৭২) গুৰুতৰভাৱে আহত হোৱাৰ লগতে মুজাফৰ আলী আহমেদ (৪৫) আংশিকভাৱে আহত হয়।

ঘটনাৰ খৱৰ পাই শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ সজল কুমাৰ সিং ঘটনাস্থলীত উপস্থিত হৈ দলংখন পুনৰ্নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে তাৎক্ষণিকভাৱে দলংখন মেৰামতি কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

Leave A Reply