Breaking

দলগাওঁৰ শিলবৰীত দুটা আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক মুজিবুৰ ৰহমানৰ লগতে দৰং জিলাৰ আয়ুক্ত মনিন্দ্ৰ নাথ নাটকে…

0 26

দলগাওঁৰ শিলবৰীত দুটা আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক মুজিবুৰ ৰহমানৰ লগতে দৰং জিলাৰ আয়ুক্ত মনিন্দ্ৰ নাথ নাটকে মহোদয়ে…
দৰঙ জিলাৰ দলগাওঁ সমষ্টিৰ শিলবৰী গাঁও পঞ্চায়তৰ মূল প্ৰবেশ দ্বাৰৰ ৰঙা ফিটা কাটি মুকলিৰ লগতে উদ্বোধন কৰে গাঁও পঞ্চায়ত খনৰ সভা গৃহ। ইয়াৰ লগে লগেই নতুনকৈ নিৰ্মিত সভা গৃহত অনুষ্ঠিত হয় মুকলি সভা ।সভাত উপস্থিত থকা প্ৰতি জন মান্য গন্য ব্যক্তিক জনোৱা হয় জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা। সভাৰ আৰম্ভণিতে বৃহত্তৰ শিলবৰী পঞ্চায়তৰ অধীনস্থ সকলো গাঁৱৰ সমস্যা প্ৰতিবেদন আকাৰে ৰাইজৰ আগত পাঠ কৰে স্থানীয় যুৱক আব্দুল মালেকে।

লগতে প্ৰতিলিপি খিনি জিলা আয়ুক্ত আৰু বিধায়ক মহোদয়ৰ হাতত অৰ্পন কৰে স্থানীয় বিশিষ্ট সমাজ সেৱক হেবজুৰ ৰহমানে।সভাত উপস্থিত থাকি দৰং জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়ে শিক্ষাৰ উপৰিও স্থানীয় সমস্যাৰ সমাধান পথ আৰু ভাৰত চৰকাৰৰ “মেৰী মাটি মেৰা দেশ” অভিযানৰ বিষয়ে বিতংকৈ আলোচনাৰ লগতে অইন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সভান প্ৰদান কৰে। দলগাওঁৰ স্থানীয় বিধায়ক মজিবুৰ ৰহমানে আজিৰ উদ্বোধনী হোৱা দুটা আঁচনিৰ কাম সুন্দৰ কৈ সুচাৰুৰূপে কৰাৰ বাবে শিলবৰী গাওঁ পঞ্চায়তৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কামৰ কথা উল্লেখ কৰে …শিলবৰীৰ পৰা ধেনুগুৰি লৈ যোৱা মূল পথচোৱাৰ কাম অতি কম দিনৰ ভিতৰত আৰম্ভ হ’ব,শিলবৰী শিমুল তলাৰ পৰা প্ৰধান মন্ত্ৰী সড়ক যোজনাৰ অধীনত ২.৬ কি:মি:পকী পথ নিৰ্মাণ কাম চলি আছে।

ছিৰাজুল হক হাইস্কুলত ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ অধীনত ৭১.৬ অতিৰিক্ত বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে মুঞ্জৰি দিয়া হৈছে আৰু বিদ্যালয় খন উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ বাবে ও শিক্ষা বিভাগৰ লগত আলোচনা কৰা হৈছে।শিলবৰীত থকা প্ৰাথমিক চিকিৎসালয় খন CHC লৈ উন্নীত কৰাৰ বাবে মই চেষ্টা কৰি আছোঁ।শিলবৰীৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সদায় মই প্ৰধান্য দিও। মোৰ দুবছৰীয়া কাৰ্যকালত চৰকাৰৰ সহযোগত মই মোৰ সমষ্টিত প্ৰায় পঞ্চাশ কিলোমিটাৰ পকী ৰাস্তা নিৰ্মাণ কৰিব পাৰিছোঁ। এই গুৰুত্ব পূৰ্ন সভাখনত উপস্থিত থাকে শিলবৰী পঞ্চায়তৰ সভানেত্ৰী ছুফিয়া খাতুন,সচিব আছাদুদ জামান,শ্বাহানুৰ আলম,নজৰুল ইছলাম,ফুৰকান আলী,ডি.পি.এম ফাৰুখ আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক হাইদৰ আলী, স্বাস্থ্য কৰ্মী ৰজৱ আলী তথা অঞ্চলখনৰ বিশিষ্ট মান্য গন্য ব্যক্তি আৰু পাচঁ শতাধিক ৰাইজ।

Leave A Reply