তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ উদয়ানিধি ষ্টেলিনক গ্ৰেপ্তাৰ

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ উদয়ানিধি ষ্টেলিনক গ্ৰেপ্তাৰ। অভিনেত্রী তৃষা সন্দৰ্ভত বিতর্কিত মন্তব্য কৰাৰ গোচৰত গ্ৰেপ্তাৰ। থাঞ্জাভুৰত ৰুজু হোৱা গোচৰ ভিত্তিত গ্ৰেপ্তাৰ উদয়ানিধিক।

তামিলনাডুৰ বিৰোধী দলপতি তথা ডি এম কেৰ যুৱ শাখাৰ নেতা উধয়ানিধি ষ্টেলিনক মঙলবাৰে থাঞ্জাভুৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত নাৰীবিদ্বেষী মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি শাসকীয় টিভিকেৰ এজন কৰ্মীয়ে পঞ্জীয়ন কৰা অভিযোগৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

তেওঁৰ বিৰুদ্ধে অভিযোগৰ আছে যে তেওঁ ভাষণৰ সময়ত এগৰাকী অভিনেত্ৰীকলৈ অশ্লীল মন্তব্য কৰিছিল। অভিযোগৰ ভিত্তিত থাঞ্জাভুৰ ইষ্ট আৰক্ষীয়ে ডি এম কে নেতাগৰাকীৰ বিৰুদ্ধে টি এন পি এইচ ডব্লিউ আইনৰ ১৯৬, ১৯২, ৩৫২, ৭৯, ২৯৬(খ), ৬১ আৰু ৩৫১(২) বি এন এছ, ৪ নং আৰু আই টি আইনৰ ৬৭ নং ধাৰাত গোচৰ ৰুজু কৰিছিল।

মঙলবাৰে পুৱা বৃহত্তৰ চেন্নাই আৰক্ষীৰ সহায়ত পূব থাঞ্জাৱুৰৰ এটা আৰক্ষী দল উপস্থিত হৈ চেন্নাইৰ নীলাংগাইত থকা উধয়ানিধি বাসগৃহৰ তেওঁক গ্ৰেপ্তাৰ কৰে।

Related Articles